Important Assamese Language Skills Questions

0
3274

Assamese Language Skills Questions: We are sharing some important Assamese Language Skills Questions, we hope these questions will be asked in the upcoming secretariat examination. We will soon upload more Assamese Language Skill Questions.

Hope you will like it.

Assamese Language Skills Questions

(১) লোক-সাহিত্য মলতঃ কেই প্ৰকাৰৰ ?
উত্তৰ- তিনি প্ৰকাৰ ।
(২) সাধুকথা কোন শ্ৰেণীৰ সাহিত্য ?
উত্তৰ- লোক-সাহিত্য।
(৩) লোকগীত প্রধানকৈ কেই প্ৰকাৰৰ ?
উত্তৰ- তিনি।
(৪) বিহুগীত, আইনাম, বিয়ানাম ইত্যাদি লোকগীতৰ কোনটো শ্ৰেণীত পৰে ?
উত্তৰ- অনুষ্ঠানমূলক লোকগীতৰ।
(৫) বিহুগীতবোৰ সাধাৰণতে কোনটো ছন্দত ৰচনা কৰা হয় ?
উত্তৰ- ত্ৰিপদী ছন্দত।
(৬) কামৰূপত যোৰা নামক কি বুলি কোৱা হয় ?
উত্তৰ- খিচাগীত।
(৭) আখ্যানমূলক লোকগীতসমূহক ইংৰাজীত কি বুলি কোৱা হয় ?
উত্তৰ- বেলাড।
(৮) ‘বেলাড’ শব্দৰ অসমীয়া প্ৰতিশব্দ কি ?
উত্তৰ- মালিতা।
(৯) মণিকোঁৱৰৰ গীত, শান্তি বাৰমাহীৰ গীত, বৰফুকনৰ গীত ইত্যাদি কোন শ্ৰেণীৰ লোকগীত ?
উত্তৰ- আখ্যানমূলক বা বেলাড বা মালিতা শ্রেণীৰ।
(১০) আখ্যানমূলক লোকগীতসমূহক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি ?
উত্তৰ- তিনিটা।
(১১) বুৰঞ্জীমূলক মালিতাৰ ভিতৰত সর্বপ্রাচীন গীতটো কি ?
উত্তৰ- নাহৰৰ গীত।
(১২) বুৰঞ্জীমূলক মালিতাৰ ভিতৰত অতি অৰ্বাচীন গীতটো কি ?
উত্তৰ- মণিৰাম দেৱান।
(১৩) জনাগাভৰুৰ গীতৰ নায়ক কোন ?
উত্তৰ- গোপীচন কোঁৱৰ।
(১৪) জিকিৰ আৰু জাৰি গীতসমূহক কোন শ্ৰেণী সাহিত্যৰ অন্তর্ভুক্ত কৰিব পাৰি ?
উত্তৰ- লোকগীত।
(১৫) জিকিৰ শব্দৰ অৰ্থ কি ?
উত্তৰ- আল্লাৰ নাম স্মৰণ কৰা।
(১৬) হেমচন্দ্ৰ গোস্বামীয়ে কোনখিনি সময়ক গীতিযুগ বুলি নিৰ্দেশ কৰিছে ?
উত্তৰ- অসমীয়া সাহিত্যৰ প্রাচীনতম কালটোক।
(১৭) ‘Folk Literature of Assam’ আৰু ‘অসমীয়া জনসাহিত্য’ শীর্ষক গ্ৰন্থ দুখনৰ লেখক কোন ?
উত্তৰ- ড০ প্ৰফুল্ল দত্ত গোস্বামী।
(১৮) ‘আকুল পথিক’ গ্রন্থখনৰ লেখক কোন ?
উত্তৰ- ডিম্বেশ্বৰ নেওগ।
(১৯) ‘অসমীয়া লোকগীত’ গ্রন্থখন কাৰ ৰচনা ?
উত্তৰ- ড০ লীলা গগৈৰ।
(২০) ‘অসমীয়া সাহিত্যৰ চানেকি’ গ্রন্থখন কাৰ ৰচনা ?
উত্তৰ- হেমচন্দ্ৰ গোস্বামীৰ।
(২১) ‘অখ্যাত কবিৰ বিখ্যাত ৰচনা’ বুলি কোনবিধ সাহিত্যক কোৱা হয় ?
উত্তৰ- লোক-সাহিত্যক।
(২২) অসমীয়া ভাষাৰ প্ৰাচীনতম নিদৰ্শন বুলি কোন শ্ৰেণীৰ সাহিত্যক কোৱা হয় ?
উত্তৰ- চর্যাপদক।
(২৩) চর্যাপদসমূহ কাৰ ৰচনা ?
উত্তৰ- সহজীয়া বৌদ্ধ সিদ্ধাচার্যসকলৰ।
(২৪) চর্যাপদসমূহ কোনে, কিমান চনত সংগ্ৰহ কৰিছিল ?
উত্তৰ- হৰপ্ৰসাদ শাস্ত্ৰীয়ে, ১৯০৭ চনত।
(২৫) হৰপ্ৰসাদ শাস্ত্ৰীয়ে ‘চর্যাপদ’ বা বৌদ্ধগানসমূহ ক’ৰ পৰা সংগ্ৰহ কৰি আনিছিল ?
উত্তৰ- নেপালৰ ৰাজদৰবাৰ গ্রন্থালয়ৰ পৰা।
(২৬) চর্যাপদসমূহ ‘হাজাৰ বছৰেৰ পুৰাণ বাঙ্গালা ভাষায় বৌদ্ধগান ও দোহা’ এই নামেৰে কোনে, কিমান চনত প্রকাশ কৰিছিল ?
উত্তৰ- হৰপ্ৰসাদ শাস্ত্ৰীয়ে, ১৯২৬ চনত।
(২৭) ‘চর্যাচর্য বিনিশ্চয়’ নামটো কোনে দিছিল ?
উত্তৰ- হৰপ্ৰসাদ শাস্ত্ৰীয়ে।
(২৮) চর্যাপদৰ মূল পুথিখনৰ নাম কি? নাইবা, ‘চর্যাচর্য বিনিশ্চয়’ৰ আচল নাম কি ?
উত্তৰ- চর্যাগীতিকোষ।
(২৯) ‘চর্যাচর্য বিনিশ্চয়’ত কিমানটা পূর্ণগীত পোৱা যায় ?
উত্তৰ- ৪৬ টা।
(৩০) ‘চর্যাচর্য বিনিশ্চয়’ত কিমানটা খণ্ডিত গীত পোৱা যায় ?
উত্তৰ- এটা।
(৩১) ‘চর্যাচর্য বিনিশ্চয়’ত কিমানজন সিদ্ধাচার্যৰ গীত সন্নিৱিষ্ট আছে ?
উত্তৰ- ২৪ জন।
(৩২) কোনখন গ্ৰন্থৰ আধাৰত সৰহপাদক কামৰূপৰ ৰাজ্ঞী (বৰ্তমান ৰাণী) অঞ্চলত উদ্ভৱ হোৱা বুলি কোৱা হয় ?
উত্তৰ- Pag Sam Jon Zen.
(৩৩) বৌদ্ধগান আৰু দোহাসমূহ কোন পন্থাৰ ধৰ্ম সাধনৰ গীত ?
উত্তৰ- সহজযান পন্থাৰ।
(৩৪) চর্যাগীতৰ ভাষা কি ?
উত্তৰ- সন্ধ্যা ভাষা।
(৩৫) সন্ধ্যাৰ আধা আলো আধা ছাঁয়াৰ ৰহস্যঘনতাই আবৃত গীত বুলি কাক অভিহিত কৰা হয় ?
উত্তৰ- চর্যাপদক।
(৩৬) কাৰ চর্যাত ব্যাধ আৰু হৰিণ চিকাৰৰ বর্ণনা আছে ?
উত্তৰ: ভূ-সূকৰ চর্যাত।
(৩৭) কোনটো চর্যাত দবা খেলৰ উল্লেখ আছে ?
উত্তৰ- ২ নং চর্যাত।
(৩৮) কিমান নং চৰ্যাত বিবাহ যাত্ৰাৰ বর্ণনা আছে ?
উত্তৰ- ১৯ নং চৰ্যাত।
(৩৯) কোনটো চর্যাত ৰজাই সৈন্য সামন্ত লৈ পৰৰাজ্য অধিকাৰ কৰাৰ প্রয়াস বর্ণিত আছে ?
উত্তৰ- ৪৮ নং চর্যাত।
(৪০) চর্যাপদত কোনখন সমাজৰ চিত্ৰ বিশেষভাৱে অঙ্কিত ?
উত্তৰ- নিম্ন শ্ৰেণীৰ সমাজৰ চিত্ৰ।
(৪১) চর্য্যাপদ-(১) “কাআ তৰুবৰ পঞ্চ বি ডাল” শীর্ষক গীতটি কাৰ ৰচনা? গীতটিৰ ৰাগ কি ?
উত্তৰ- লুইপাদ, ৰাগ-পটমঞ্জৰী।
(৪২) চৰ্যাপদবোৰ কি ছন্দত ৰচিত ?
উত্তৰ- মাত্ৰাবৃত্ত ছন্দত।
(৪৩) অসমীয়া ভাষাৰ উপৰিও আন কি কি ভাষাৰ লোকে চর্যাপদক সেই ভাষাৰ প্ৰাচীনতম নিদৰ্শন বুলি গ্ৰহণ কৰিছে ?
উত্তৰ- বঙলা, মৈথিলী, উড়িয়া।
(৪৪) দশম শতাব্দীৰ কামৰূপৰ ৰজা ৰত্নপালক বজ্রযানী পন্থাত বিশ্বাস কৰোৱা চর্যাকাৰজন কোন আছিল ?
উত্তৰ- সৰহপাদ।
(৪৫) ‘চর্যাচর্য বিনিশ্চয়’ৰ টীকাকাৰ কোন আছিল ?
উত্তৰ- মুনিদত্ত।
(৪৬) লোক সমাজে বেদৰ বাণী জ্ঞান কৰা লোক সাহিত্য বিধ কি ?
উত্তৰ: ডাকৰ বচন।
(৪৭) মাত্ৰাবৃত্ত ছন্দৰ সলনি আক্ষৰিক ছন্দৰ প্রৱর্তন কোন যুগত হৈছিল?
উত্তৰ- প্ৰাক্ শংকৰী যুগত।
(৪৮) প্রাক্ শংকৰী যুগৰ (চতুর্দশ শতিকাৰ) কবি কেইজনৰ নাম লিখা।
উত্তৰ- হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিবৰ বিপ্র আৰু মাধৱ কন্দলী।
(৪৯) হেম সৰস্বতীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?
উত্তৰ- দুৰ্লভ নাৰায়ণৰ।
(৫০) ‘প্ৰহ্লাদ চৰিত্র’ আৰু ‘হৰগৌৰী-সংবাদ’ কোনে ৰচনা কৰিছিল ?
উত্তৰ- হেম সৰস্বতীয়ে।
(৫১) নিভাঁজ অসমীয়া ভাষাৰ প্ৰথম লিখিত নিদৰ্শন কি ?
উত্তৰ- ‘প্রহ্লাদ চৰিত্ৰ’।
(৫২) হেম সৰস্বতীয়ে ক’ৰ পৰা ‘প্রহ্লাদ চৰিত্ৰ’ৰ ঘটনা লৈছিল?
উত্তৰ- ‘বামন-পুৰাণ’ৰ পৰা।
(৫৩) হেম সৰস্বতীৰ ‘প্রহ্লাদ চৰিত্ৰ’ত কিমানটা পদ আছে ?
উত্তৰ- এশটা।
(৫৪) ‘প্রহ্লাদ চৰিত্ৰ’খন প্রথমে কোনে, কেতিয়া সম্পাদনা কৰি উলিয়ায় ?
উত্তৰ- কালিৰাম মেধিয়ে, ১৯১৩ চনত।
(৫৫) হেম সৰস্বতীৰ ‘হৰগৌৰী-সংবাদ’ কিমানটা পদত ৰচিত ?
উত্তৰ- ৮৯৯ টা।
(৫৬) কবিৰত্ন সৰস্বতীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?
উত্তৰ- দুর্লভ নাৰায়ণৰ পুত্ৰ ইন্দ্ৰ নাৰায়ণৰ।
(৫৭) মহাপুৰুষ মাধৱদেৱৰ ভাগিন ৰামচৰণ ঠাকুৰৰ সপ্তম উপৰিপুৰুষজনৰ নাম কি ?
উত্তৰ- কবিৰত্ন সৰস্বতী।
(৫৮) মহাভাৰতৰ দ্ৰোণ পৰ্বৰ অন্তর্গত কাব্যখনৰ নাম কি ?
উত্তৰ- ‘জয়দ্রথ বধ’।
(৫৯) ‘কৈলাশ বৰ্ণনা’ অংশটি কোনখন কাব্যৰ অন্তর্গত ?
উত্তৰ- ‘জয়দ্রথ বধ’।
(৬০) ‘জয়দ্রথ বধ’ কাব্যখনৰ ৰচক কোন ?
উত্তৰ- কবিৰত্ন সৰস্বতী।
(৬১) ৰুদ্ৰ কন্দলীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?
উত্তৰ- শ্ৰীমন্ত তাম্ৰধ্বজৰ।
(৬২) ‘সাত্যকি প্ৰৱেশ’ কাব্যৰ ৰচক কোন?
উত্তৰ- ৰুদ্ৰ কন্দলী।
(৬৩) কমতাপুৰৰ ৰজাৰ অনুপ্ৰেৰণা লাভ কৰা কবি সকলৰ ভিতৰত সর্বশ্রেষ্ঠ কবি কোন ?
উত্তৰ- হৰিবৰ বিপ্র।
(৬৪) হৰিবৰ বিপ্রই কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?
উত্তৰ- দুর্লভ নাৰায়ণৰ।
(৬৫) ‘বব্রুবাহনৰ যুদ্ধ’, ‘লৱ-কুশৰ যুদ্ধ’ আৰু ‘তাম্ৰধ্বজৰ যুদ্ধ’ কোনে ৰচনা কৰিছিল ?
উত্ত- হৰিবৰ বিপ্রই।
(৬৬) ‘বব্রুবাহনৰ যুদ্ধ’ আৰু ‘লৱ-কুশৰ যুদ্ধ’ কাব্য দুখনৰ মূল কি ?
উত্তৰ- ‘জৈমিনি অশ্বমেধ’।
(৬৭) মহাভাৰতৰ ‘অশ্বমেধ’ পর্বৰ পৰা বিষয়বস্তু লৈ কাব্য ৰচনা কৰা কবি গৰাকী কোন?
উত্তৰ- হৰিবৰ বিপ্র।
(৬৮) অসমীয়া সাহিত্যৰ প্রথম গৰাকী বীৰ কাব্য ৰচক কোন ?
উত্তৰ- হৰিবৰ বিপ্র।
(৬৯) প্রাক্ শংকৰী যুগৰ শ্ৰেষ্ঠ কবিজনৰ নাম কি ?
উত্তৰ- মাধৱ কন্দলী।
(৭০) মাধৱ কন্দলী কোনজন ৰজাৰ ৰাজকবি আছিল ?
উত্তৰ- বৰাহী ৰজা মহামাণিক্যৰ।
(৭১) মাধৱ কন্দলীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?
উত্তৰ- বৰাহী ৰজা মহামাণিক্যৰ।
(৭২) মাধৱ কন্দলীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতাত ‘ৰামায়ণ’ ৰচনা কৰিছিল ?
উত্তৰ- বৰাহী ৰজা মহামাণিক্যৰ।
(৭৩) মাধৱ কন্দলীয়ে জন সমাজত কি বুলি খ্যাতি লাভ কৰিছিল ?
উত্তৰ- ‘কবিৰাজ কন্দলী’।
(৭৪) ‘কবিৰাজ কন্দলী’ হিচাপে জনাজাত কবি গৰাকী কোন ?
উত্তৰ- মাধৱ কন্দলী।
(৭৫) মাধৱ কন্দলীয়ে বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰোঁতে কি নীতি অৱলম্বন কৰিছিল ?
উত্তৰ- ‘লম্ভা পৰিহৰি সাৰোদ্ধৃতে’।
(৭৬) মাধৱ কন্দলীয়ে ৰচনা কৰা ৰামায়ণ খনৰ নাম কি ?
উত্তৰ- ‘সপ্তকাণ্ড ৰামায়ণ’।
(৭৭) মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায় ?
উত্তৰ- পাঁচটা।
(৭৮) মাধৱ কন্দলীৰ ৰামায়ণৰ প্ৰথম সম্পাদনা কোনে কৰিছিল ?
উত্তৰ- মাধৱচন্দ্র বৰদলৈয়ে।
(৭৯) নব্য ভাৰতীয় আৰ্য ভাষাত প্ৰথম ৰামায়ণ ৰচনা কৰা কবি গৰাকী কোন ?
উত্তৰ- মাধৱ কন্দলী।
(৮০) মাধৱ কন্দলীয়ে ৰামায়ণৰ উপৰি আন কি কাব্য ৰচনা কৰিছিল ?
উত্তৰ- ‘দেৱজিৎ’।
(৮১) ‘অপ্রমাদী কবি’ কোন ?
উত্তৰ- মাধৱ কন্দলী।
(৮২) মাধৱ কন্দলীক ‘অপ্রমাদী কবি’ বুলি কোনে অভিহিত কৰিছিল ?
উত্তৰ- শংকৰদেৱে।
(৮৩) মাধৱ কন্দলীক ‘অসমীয়া ছচাৰ’ বুলি কোনে অভিহিত কৰিছিল ?
উত্তৰ- হেমচন্দ্ৰ গোস্বামীয়ে।
(৮৪) ‘শ্রীকৃষ্ণ-কীর্তন’ৰ কবি কোন ?
উত্তৰ- বড়ু চণ্ডীদাস।
(৮৫) ‘শ্রীকৃষ্ণ-কীর্তন’ৰ ৰচনা কাল কিমান ?
উত্তৰ- চতুর্দশ শতিকা।
(৮৬) ‘শ্রীকৃষ্ণ-কীর্তন’ৰ উদ্ধাৰকর্তা আৰু প্রথম সম্পাদকজনৰ নাম কি?
উত্তৰ- বসন্তৰঞ্জন ৰায় বিদ্ধত বল্লভ।
(৮৭) “শ্ৰীকৃষ্ণ-কীর্তনৰ পাতে পাতে কিমান যে ভুল-ভ্রান্তি, অসতর্কতা আৰু দায়িত্বহীনতাৰ পৰিচয় ঘটিছে সেইটো দেখি শিক্ষিত বঙালী মাত্ৰেই লজ্জিত আৰু মৰ্মাহত হ’ব” বুলি কোনে মন্তব্য কৰিছিল ?
উত্তৰ- ড০ অমিত্রসূদন ভট্টাচাৰ্যই।
(৮৮) “উপভাষাবোৰ স্বতন্ত্ৰ-বিকাশৰ যাত্ৰা আৰম্ভ হোৱা নাই, কিন্তু সুস্পষ্ট ৰূপে নিৰ্দ্ধাৰিত হৈছে। এনেকুৱা উপভাষা কিছুমানৰ সানমিহলি ৰূপ এটা কৃষ্ণ-কীর্তনৰ ভাষাই দাঙি ধৰে।” কথাষাৰ কোনে কৈছিল ?
উত্তৰ- ড০ বাণীকান্ত কাকতিয়ে।
(৮৯) ‘গীতগোবিন্দ’ কাব্যৰ ৰচক কোন ?
উত্তৰ- জয়দেৱ।
(৯০) ‘শ্ৰীকৃষ্ণ-কীর্তন’ত জয়দেৱৰ কোনখন কাব্যৰ প্ৰভাৱ পৰা দেখা যায় ?
উত্তৰ- ‘গীতগোবিন্দ’।
(৯১) ‘শ্রীকৃষ্ণ-কীর্তন’ কেইটা খণ্ডত বিভক্ত ?
উত্তৰ- ১৩ টা।
(৯২) ‘শ্ৰীকৃষ্ণ-কীর্তন’ত থকা শ্লোক আৰু পদৰ সংখ্যা কিমান ?
উত্তৰ- ১৬১ টা শ্লোক আৰু ৪১৮ টা পদ।
(৯৩) কোন গৰাকী ব্যক্তিয়ে ‘শ্ৰীকৃষ্ণ-কীর্তন’ৰ ভাষাক কামৰূপ গৌড়ৰ সীমা মুৰিয়লিৰ বস্তু বুলি মত প্ৰকাশ কৰিছে ?
উত্তৰ- মহেশ্বৰ নেওগে।
(৯৪) ‘শূন্যপুৰাণ’ কোনে ৰচনা কৰিছিল ?
উত্তৰ- ৰামাই পণ্ডিতে।
(৯৫) ‘শূন্যপুৰাণ’ গ্রন্থখনত কোন দেৱতাৰ উল্লেখ আছে ?
উত্তৰ- ধর্মদেৱতাৰ।
(৯৬) ‘শূন্যপুৰাণ’ৰ সৃষ্টি-তত্ত্বৰ লগত কোনখন গ্ৰন্থৰ বিষয়গতৰ লগতে ভাষাগতৰ কিছু সাদৃশ্য দেখা যায় ?
উত্তৰ- মনকৰৰ ‘পদ্মাপুৰাণ’।
(৯৭) ‘শূন্যপুৰাণ’ গ্রন্থখনৰ সম্পাদনাৰ লগত জড়িত ব্যক্তি গৰাকী কোন ?
উত্তৰ- নগেন্দ্ৰ নাৰায়ণ বসু।
(৯৮) নাথ বা যোগী সাহিত্যৰ প্রৱর্তক কোন ?
উত্তৰ- মৎস্যেন্দ্ৰ নাথ।
(৯৯) দশম-একাদশ শতিকাৰ নাথ সিদ্ধসকলৰ কাহিনীক লৈ ৰচনা কৰা গীতবোৰক কি হিচাপে জনা যায় ?
উত্তৰ- গোপীচন্দ্রৰ গীত।
(১০০) গোপীচন্দ্রৰ গীত কোন শ্ৰেণীৰ সাহিত্যৰ অন্তৰ্ভুক্ত ?
উত্তৰ- নাথ সাহিত্য।
(১০১) পাঁচালি শব্দটো ক’ৰ পৰা আহিছে ?
উত্তৰ- সংস্কৃত ‘পাঞ্চালিকা’ শব্দৰ পৰা।
(১০২) বিশেষভাৱে উল্লেখযোগ্য পাঁচালি কাব্যৰ কবি কেইজনৰ নাম লিখা।
উত্তৰ- পীতাম্বৰ কবি, দুর্গাবৰ কায়স্থ, মনকৰ আৰু সুকবি নাৰায়ণদেৱ।
(১০৩) ‘ঊষা-পৰিণয়’, ‘ভাগৱত দশম স্কন্ধ’, ‘মার্কণ্ডেয় চণ্ডী’ আৰু ‘নল-দময়ন্তী’ কোনে ৰচনা কৰিছিল ?
উত্তৰ- পীতাম্বৰ কবিয়ে।
(১০৪) পীতাম্বৰ কবিৰ প্রথম ৰচনা কি ?
উত্তৰ- ‘ঊষা-পৰিণয়’।
(১০৫) পীতাম্বৰ কবিয়ে ‘ঊষা-পৰিণয়’ কাব্য কেতিয়া ৰচনা কৰিছিল ?
উত্তৰ- ১৫৩৩ খ্ৰীঃত।
(১০৬) ‘ঊষা-পৰিণয়’ কাব্যৰ মূল কি ?
উত্তৰ- হৰিবংশ বিষ্ণু পর্বৰ ১১৬-১২৮ অধ্যায়।
(১০৭) কোচবিহাৰৰ ৰাজকীয় গ্ৰন্থাগাৰত পীতাম্বৰ কবিৰ কোন দুখন গ্ৰন্থ হাতে লিখা অৱস্থাত সংৰক্ষিত হৈ আছে ?
উত্তৰ- ‘মার্কণ্ডেয় চণ্ডী’ আৰু ‘দশম স্কন্ধ’।
(১০৮) পীতাম্বৰৰ ‘ভাগৱত দশম স্কন্ধ’ কি ছন্দত ৰচিত ?
উত্তৰ- পয়াৰ আৰু ত্ৰিপদী ছন্দত।
(১০৯) কোন গৰাকী কবিয়ে নিজকে ‘শিশুমতি’ বুলি পৰিচয় দিছিল ?
উত্তৰ- পীতাম্বৰ কবিয়ে।
(১১০) কোন গৰাকী কবিক ‘তামসিক’ বুলি আখ্যা দিয়া হয় ?
উত্তৰ- পীতাম্বৰ কবিক।
(১১১) পীতাম্বৰ কবিক ‘তামসিক’ বুলি কোনে আখ্যা দিছিল ?
উত্তৰ- শংকৰদেৱে।
(১১২) ‘গীতি-ৰামায়ণ’ আৰু ‘বেউলা-আখ্যান’ কোনে ৰচনা কৰিছিল ?
উত্তৰ- দুর্গাবৰ কায়স্থই।
(১১৩) দুর্গাবৰৰ ‘গীতি-ৰামায়ণ’ত মুঠ কেইটা গীত সন্নিৱিষ্ট আছে ?
উত্তৰ- ৫৮ টা।
(১১৪) “‘গীতি-ৰামায়ণ’ বাল্মীকিৰ অনুবাদ নহয় বৰং অপ্রমাদী কবি মাধৱ কন্দলীৰ ৰামায়ণৰ জনপ্ৰিয় সংস্কৰণ।” উক্তিটো কাৰ ?
উত্তৰ- সত্যেন্দ্ৰনাথ শৰ্মা।
(১১৫) দুর্গাবৰৰ ‘গীতি-ৰামায়ণ’ক মাধৱ কন্দলীৰ পদ ৰামায়ণৰ ওজাপালি তাঙৰণ আখ্যা দিয়া বিশিষ্ট ব্যক্তি গৰাকী কোন ?
উত্তৰ- মহেশ্বৰ নেওগ।
(১১৬) দুর্গাবৰৰ ‘গীতি-ৰামায়ণ’ক ‘বাল্মীকি মহাকাব্যৰ গাঁৱলীয়া তাঙৰণ’ বুলি কোনে মত প্ৰকাশ কৰিছে ?
উত্তৰ- ড০ বাণীকান্ত কাকতিয়ে।
(১১৭) কোচৰজা বিশ্বসিংহৰ আমোলত বহুবল শিকদাৰৰ অনুপ্ৰেৰণা লাভ কৰি গীত ৰচনা কৰা কবি গৰাকী কোন ?
উত্তৰ- দুর্গাবৰ কায়স্থ।
(১১৮) কোন গৰাকী ৰজাক ‘ৰাজা জল্পেশ্বৰ’ বুলি আখ্যা দিয়া হয় ?
উত্তৰ- বিশ্বসিংহক।
(১১৯) বিশ্বসিংহক ‘ৰাজা জল্পেশ্বৰ’ বুলি কোনে আখ্যা দিছিল ?
উত্তৰ- মনকৰে।
(১২০) ‘মনসা কাব্য’ কাৰ ৰচনা ?
উত্তৰ- মনকৰৰ।
(১২১) মনকৰৰ পদ্মাপুৰাণৰ লগত সাদৃশ্য থকা পুথিখন কি ?
উত্তৰ- ‘শূন্যপুৰাণ’।
(১২২) মনকৰৰ কাব্যত কোন দুবিধ ৰসৰ প্ৰতিপত্তি দেখা যায় ?
উত্তৰ- হাস্য আৰু শৃংগাৰ।
(১২৩) ‘সুকনান্নী’ নামেৰে জনাজাত কাব্যখন কি ?
উত্তৰ- ‘পদ্মপুৰাণ’।
(১২৪) ‘সুকনান্নী’ কবি কোন ?
উত্তৰ- সুকবি নাৰায়ণদেৱ।
(১২৫) ‘জগত গুৰু’ কোন ?
উত্তৰ- শংকৰদেৱ।
(১২৬) শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল ?
উত্তৰ- ১৪৪৯ খ্ৰীঃত, ১৩৭১ শকত।
(১২৭) শংকৰদেৱৰ জন্ম ক’ত হৈছিল ?
উত্তৰ- নগাঁও জিলাৰ বৰদোৱাত।
(১২৮) শংকৰদেৱৰ পিতৃৰ নাম কি ?
উত্তৰ- কুসুম্বৰ ভূঞা।
(১২৯) শংকৰদেৱৰ মাতৃৰ নাম কি ?
উত্তৰ- সত্যসন্ধ্যা দেৱী।
(১৩০) শংকৰদেৱক কোনে ডাঙৰ-দীঘল কৰিছিল ?
উত্তৰ- বুঢ়ীমাক খেৰশুতীয়ে।
(১৩১) শংকৰদেৱে কাৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল ?
উত্তৰ- মহেন্দ্ৰ কন্দলীৰ।
(১৩২) শংকৰদেৱৰ প্রথমা পত্নীৰ নাম কি ?
উত্তৰ- সূর্যৱতী।
(১৩৩) শংকৰদেৱৰ দ্বিতীয়া পত্নীৰ নাম কি ?
উত্তৰ- কালিন্দী।
(১৩৪) শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল ?
উত্তৰ- ১৫৬৮ খ্ৰীঃত।
(১৩৫) শংকৰদেৱৰ মৃত্যু কোন স্থানত হৈছিল ?
উত্তৰ- কোচবিহাৰত।
(১৩৬) শংকৰদেৱে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?
উত্তৰ- নৰনাৰায়ণৰ।
(১৩৭) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ক’ত হৈছিল ?
উত্তৰ- বেলগুৰিত।
(১৩৮) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি আখ্যা দিয়া হয় ?
উত্তৰ- ‘মণিকাঞ্চন সংযোগ’।
(১৩৯) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক ‘মণিকাঞ্চন সংযোগ’ বুলি কোনে অভিহিত কৰিছে ?
উত্তৰ- লক্ষ্মীনাথ বেজবৰুৱাই।
(১৪০) শংকৰদেৱৰ প্রথম ৰচনা কি? নাইবা, শংকৰদেৱৰ প্রথম কাব্যখনৰ নাম কি ?
উত্তৰ- ‘হৰিশ্চন্দ্র উপাখ্যান’।
(১৪১) শংকৰদেৱৰ কাব্যৰ সংখ্যা কিমান ?
উত্তৰ- ছয়।
(১৪২) শংকৰদেৱৰ কাব্য কেইখনৰ নাম কি কি ?
উত্তৰ- ‘হৰিশ্চন্দ্র উপাখ্যান’, ‘ৰুক্মিণীহৰণ কাব্য’, ‘বলিছলন’, ‘অমৃত মদন’, ‘অজামিল উপাখ্যান’ আৰু ‘কুৰুক্ষেত্ৰ’।
(১৪৩) ‘হৰিশ্চন্দ্ৰ উপাখ্যান’ কাব্যৰ মূল কি ?
উত্তৰ- মার্কণ্ডেয় পুৰাণৰ ৭ম-৮ম অধ্যায়।
(১৪৪) শংকৰদেৱে কোনখন কাব্যৰ যোগেদি ‘ভকতিৰ চাৰিখুঁটি’ মাৰিছিল বুলি কোৱা হয় ?
উত্তৰ- ‘হৰিশ্চন্দ্র উপাখ্যান’।
(১৪৫) ‘ভকতিৰ চাৰিখুঁটি’ কি কি ?
উত্তৰ- নাম, দেৱ, গুৰু আৰু ভকত।
(১৪৬) ‘ৰুক্মিণী হৰণ কাব্য’ৰ মূল কি ?
উত্তৰ- ‘হৰিবংশ’ আৰু ‘ভাগৱত পুৰাণ’।
(১৪৭) শংকৰদেৱৰ ভক্তিতত্ত্ব প্রকাশক গ্ৰন্থ কেইখনৰ নাম কি কি ?
উত্তৰ- ‘ভক্তিপ্রদীপ’, ‘ভক্তি-ৰত্নাকৰ’ (সংস্কৃত), ‘নিমি-নৱসিদ্ধ সংবাদ’ আৰু ‘অনাদিপতন’।
(১৪৮) শংকৰদেৱৰ সংস্কৃত গ্ৰন্থখনৰ নাম কি ?
উত্তৰ- ‘ভক্তি-ৰত্নাকৰ’।
(১৪৯) শংকৰদেৱে মূল ভাগৱত দশম স্কন্ধৰ কিমানটা অধ্যায় অনুবাদ কৰিছে ?
উত্তৰ- ৯০ টা।
(১৫০) ‘উত্তৰাকাণ্ড’ ৰামায়ণ কোনে ৰচনা কৰিছিল ?
উত্তৰ- শংকৰদেৱে।
(১৫১) শংকৰদেৱৰ নাম-প্রসংগমূলক গ্ৰন্থ দুখনৰ নাম লিখা।
উত্তৰ- ‘কীৰ্তন’ আৰু ‘গুণমালা’।
(১৫১) শংকৰদেৱৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন কি ? নাইবা, শংকৰদেৱৰ বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ কি ?
উত্তৰ- ‘কীৰ্তন’।
(১৫২) ‘কীৰ্তন’ কেইটা খণ্ডৰ সমষ্টি ?
উত্তৰ- ২৭ টা।
(১৫৩) কাৰ আজ্ঞানুসাৰে, কোনে ‘কীৰ্তন’ সংগ্ৰহ কৰিছিল ?
উত্তৰ- মাধৱদেৱৰ আজ্ঞানুসাৰে, ৰামচৰণ ঠাকুৰে।
(১৫৪) শংকৰদেৱৰ ‘গুণমালা’ কি ছন্দত ৰচিত ?
উত্তৰ- কুসুমমালা।
(১৫৫) শংকৰদেৱৰ ‘গুণমালা’ গ্ৰন্থত কিমানটা পদ আছে ?
উত্তৰ- ৩৩৭ টা।
(১৫৬) শংকৰদেৱে কোনজন ৰজাৰ অনুপ্ৰেৰণাত ‘গুণমালা’ পুথিখন ৰচনা কৰিছিল ?
উত্তৰ- নৰনাৰায়ণ।
(১৫৭) অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা কোন ?
উত্তৰ- শংকৰদেৱ।
(১৫৮) শংকৰদেৱৰ প্রথম নাটখনৰ নাম কি ?
উত্তৰ: ‘চিহ্ন-যাত্রা’।
(১৫৯) শংকৰদেৱে কোনখন নাটত অভিনয় কৰিছিল?
উত্তৰ- ‘চিহ্ন-যাত্রা’।
(১৬০) অঙ্কীয়া নাটৰ ভাষা কি ?
উত্তৰ- ব্রজাৱলী।
(১৬১) শংকৰদেৱৰ অঙ্কীয়া নাটৰ সংখ্যা কিমান ?
উত্তৰ- ছয়।
(১৬২) শংকৰদেৱৰ অঙ্কীয়া নাট কেইখনৰ নাম কি কি ?
উত্তৰ- ‘পত্নী প্ৰসাদ’, ‘কালিয়-দমন’, ‘কেলিগোপাল’, ‘ৰুক্মিণী হৰণ’, ‘পাৰিজাত হৰণ’ আৰু ‘ৰামবিজয়’।
(১৬৩) ‘পত্নীপ্রসাদ’ নাটখন শংকৰদেৱে ক’ত ৰচনা কৰিছিল ?
উত্তৰ- বেলগুৰিত।
(১৬৪) শংকৰদেৱৰ ‘পত্নীপ্রসাদ’ আৰু ‘কালিয়-দমন’ নাটৰ মূল কি ?
উত্তৰ- ভাগৱত দশম স্কন্ধ।
(১৬৫) ‘কেলিগোপাল’ নাটৰ মূল কি ?
উত্তৰ- ভাগৱত পুৰাণৰ ‘ৰাসপঞ্চাধ্যায়’।
(১৬৬) ‘কেলি গোপাল’ নাটখন আৰু কি নামেৰে জনা যায় ?
উত্তৰ- ‘ৰাসক্রীড়া’।
(১৬৭) শংকৰদেৱ ৰচিত সৰ্ববৃহৎ নাটখনৰ নাম কি ?
উত্তৰ: ‘ৰুক্মিণীহৰণ’।
(১৬৮) ‘ৰুক্মিণী হৰণ’ নাটৰ মূল কি?
উত্তৰ- ভাগৱত পুৰাণ।
(১৬৯) শংকৰদেৱৰ শ্ৰেষ্ঠ নাটখনৰ নাম কি ?
উত্তৰ- ‘পাৰিজাত হৰণ’।
(১৭০) ‘পাৰিজাত হৰণ’ নাটৰ মূল কি ?
উত্তৰ- ‘হৰিবংশ’ আৰু ‘ভাগৱত পুৰাণ’।
(১৭১) ‘কালিয়-দমন’, ‘কেলি গোপাল’, ‘ৰুক্মিণীহৰণ’ আৰু ‘পাৰিজাত হৰণ’ এই নাট কেইখন শংকৰদেৱে ক’ত ৰচনা কৰিছিল ?
উত্তৰ- পাটবাউসীত।
(১৭২) শংকৰদেৱৰ শেষ নাটখনৰ নাম কি ? নাইবা, শংকৰদেৱৰ শেষ ৰচনা কি ?
উত্তৰ- ‘ৰামবিজয়’।
(১৭৩) ‘ৰামবিজয়’ নাটৰ মূল কি ?
উত্তৰ- ‘আদিকাণ্ড ৰামায়ণ’।
(১৭৪) ‘ৰামবিজয়’ নাটখন শংকৰদেৱে ক’ত ৰচনা কৰিছিল ?
উত্তৰ- কোচবিহাৰত।
(১৭৫) শংকৰদেৱৰ ভটিমা কিমান প্ৰকাৰৰ ?
উত্তৰ- তিনি প্ৰকাৰৰ- নাট ভটিমা, দেৱ ভটিমা আৰু ৰাজ ভটিমা।
(১৭৬) শংকৰদেৱে কোনজন ৰজাৰ গুণানুকীৰ্তন কৰি ৰাজ ভটিমা ৰচনা কৰে ?
উত্তৰ: নৰনাৰায়ণ।
(১৭৭) ‘গুৰু ভটিমা’ৰ প্রৱর্তক কোন?
উত্তৰ- মাধৱদেৱ।
(১৭৮) শংকৰদেৱে প্ৰথম বৰগীতটি ক’ত আৰু কেতিয়া ৰচনা কৰিছিল ?
উত্তৰ- প্ৰথমবাৰ তীৰ্থভ্রমণ কৰিবলৈ যাওঁতে বদৰিকাশ্রমত, ১৪৯০ খ্ৰীষ্টাব্দমানত।
(১৭৯) শংকৰদেৱৰ প্রথম বৰগীতটিৰ নাম কি ?
উত্তৰ- ‘মন মেৰি ৰাম চৰণেহি লাগু’।
(১৮০) শংকৰদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল ?
উত্তৰ- ২৪০ টা।
(১৮১) শংকৰদেৱৰ বৰগীতসমূহ কোনে আওঁৰাবলৈ নিওঁতে জুইত পুৰি নষ্ট হয় ?
উত্তৰ- কমলা গায়ন নামৰ এজন ভকতে।
(১৮২) শংকৰদেৱৰ বৰগীতৰ সংখ্যা কিমান ?
উত্তৰ- ৩৪ টা।
(১৮৩) বৰগীতৰ ভাষা কি ?
উত্তৰ- ব্রজাৱলী।
(১৮৪) বৰগীতসমূহক ড৹ বাণীকান্ত কাকতিয়ে কি আখ্যা দিছে ?
উত্তৰ- Noble Numbers.
(১৮৫) বৰগীতসমূহক কালিৰাম মেধিয়ে কি আখ্যা দিছে ?
উত্তৰ- Songs Celestial বা Great Song.
(১৮৬) বৰগীতসমূহক ‘Holy Song’ বুলি কোনে আখ্যা দিছে ?
উত্তৰ- দেৱেন্দ্ৰনাথ বেজবৰুৱাই।
(১৮৭) ‘গোপাল কি গতি কৈলে, গোবিন্দ কি মতি দিলে’ শীর্ষক বৰগীতটিৰ ৰাগ কি আৰু ইয়াৰ ৰচক কোন ?
উত্তৰ- ৰাগ-শ্রী, শংকৰদেৱ।
(১৮৮) কোনজন কবিয়ে নিজকে শহাপহু আৰু মাধৱ কন্দলীক হাতীৰ লগত তুলনা কৰিছে?
উত্তৰ- শংকৰদেৱে।
(১৮৯) কথা গুৰুচৰিত মতে শংকৰদেৱে বৰদোৱাত কিমান দিন কটাইছিল ?
উত্তৰ- ৭ বছৰ ৬ মাহ।
(১৯০) শংকৰদেৱৰ প্ৰিয় শিষ্য কোন ?
উত্তৰ- মাধৱদেৱ।
(১৯১) ‘বঢ়াৰ পো’ কোন ?
উত্তৰ- মাধৱদেৱ।
(১৯২) শংকৰদেৱে ‘বঢ়াৰ পো’ বুলি কোনজনা শিষ্যক সম্বোধন কৰিছিল ?
উত্তৰ- মাধৱদেৱক।
(১৯৩) মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল ?
উত্তৰ- ১৪৮৯ খ্ৰীঃত।
(১৯৪) মাধৱদেৱৰ জন্মস্থান ক’ত ?
উত্তৰ- লক্ষীমপুৰৰ নাৰায়ণপুৰ অঞ্চলত।
(১৯৫) মাধৱদেৱৰ পিতৃৰ নাম কি ?
উত্তৰ- গোবিন্দগিৰি।
(১৯৬) মাধৱদেৱৰ মাতৃৰ নাম কি ?
উত্তৰ- মনোৰমা।
(১৯৭) মাধৱদেৱৰ শিক্ষাগুৰু জনাৰ নাম কি ?
উত্তৰ- ৰাজেন্দ্ৰ অধ্যাপক।
(১৯৮) মাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল ?
উত্তৰ- ১৫৯৬ খ্ৰীঃত।
(১৯৯) মাধৱদেৱৰ মৃত্যু কোন স্থানত হৈছিল ?
উত্তৰ- কোচবিহাৰত।
(২০০) ‘ৰাজসূয় কাব্য’ আৰু ‘জন্মৰহস্য’ কাৰ ৰচনা ?
উত্তৰ- মাধৱদেৱৰ।
(২০১) ‘নামঘোষা’ কোনে ৰচনা কৰিছিল ?
উত্তৰ- মাধৱদেৱে।
(২০২) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি ?
উত্তৰ- ‘নামঘোষা’।
(২০৩) ‘নামঘোষা’ৰ আন এটা নাম কি ?
উত্তৰ- ‘হেজাৰী ঘোষা’।
(২০৪) ড০ বাণীকান্ত কাকতিয়ে ‘নামঘোষা’ক কি আখ্যা দিছে?
উত্তৰ: মহাপ্রস্থানিক গীত।
(২০৫) ‘নামঘোষা’ত কিমানটা ঘোষা আছে?
উত্তৰ: এহেজাৰ।
(২০৬) মাধৱদেৱৰ নাট কেইখনৰ নাম লিখা।
উত্তৰ: ‘অৰ্জুন ভঞ্জন’, ‘চোৰধৰা’, ‘পিম্পৰা গুচোৱা’, ‘ভূমি লেটোৱা’ আৰু ‘ভোজন বিহাৰ’।
(২০৭) ‘অৰ্জুন ভঞ্জন’ নাটৰ আন এটা নাম কি?
উত্তৰ: ‘দধি মথন’।
(২০৮) ‘অৰ্জুন ভঞ্জন’ নাটৰ মূল কি?
উত্তৰ: ভাগৱত পুৰাণ।
(২০৯) মাধৱদেৱৰ ‘অৰ্জুন ভঞ্জন’ নাটৰ বাহিৰে বাকী কেইখন নাটক কি বোলা হৈছে?
উত্তৰ: ঝুমুৰা।
(২১০) মাধৱদেৱৰ ঝুমুৰাসমূহৰ মূল কি?
উত্তৰ: কৃষ্ণকর্ণামৃত।
(২১১) ‘ভূষণ হৰণ’ কাৰ ৰচনা?
উত্তৰ: মাধৱদেৱৰ।
(২১২) মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান?
উত্তৰ: ১৫৭ টা।
(২১৩) মাধৱদেৱৰ ‘তেজৰে কমলাপতি’ শীর্ষক বৰগীতটি কি বিষয়ক?
উত্তৰ: জাগন বা জাগৰণ।
(২১৪) মাধৱদেৱৰ একমাত্ৰ কাব্যখনৰ নাম কি?
উত্তৰ: ‘ৰাজসূয় কাব্য’।
(২১৫) মাধৱদেৱৰ ‘ৰাজসূয় কাব্য’খন কোন শ্ৰেণীৰ ৰচনাৰ ভিতৰত পৰে?
উত্তৰ: আখ্যানমূলক।
(২১৬) মাধৱদেৱে কোনখন পুথি চিলাৰায়ৰ পত্নী ৰাণী ভূৱনেশ্বৰীৰ আদেশত ৰচনা কৰিছিল?
উত্তৰ: ‘ৰাজসূয় কাব্য’।
(২১৭) ‘ভক্তি ৰত্নাৱলী’ আৰু ‘নাম-মালিকা’ কাৰ ৰচনা?
উত্তৰ: মাধৱদেৱৰ।
(২১৮) ‘আদিকাণ্ড ৰামায়ণ’ কোনে ৰচনা কৰিছিল?
উত্তৰ: মাধৱদেৱে।
(২১৯) অসমীয়া সাহিত্যত কিমানটা বৰগীত প্ৰচলিত হৈ আছে? নাইবা, অসমত মহাপুৰুষ দুগৰাকীৰ নামত প্ৰচলিত বৰগীত কেইটা?
উত্তৰ: ১৯১ টা।
(২২০) অসমৰ বৈষ্ণৱ ধৰ্মৰ ‘চাৰিপুথি’ৰ ভিতৰত কোন কেইখন গ্রন্থক সামৰা হয়?
উত্তৰ: শংকৰদেৱৰ ‘কীর্তন’ আৰু ‘দশম’ আৰু মাধৱদেৱৰ ‘নামঘোষা’ আৰু ‘ভক্তি-ৰত্নাৱলী’।
(২২১) ভাগৱত পুৰাণত কিমানটা স্কন্ধ আছে?
উত্তৰ: ১২ টা।
(২২২) ‘কুমৰ-হৰণ’ কাব্য কাৰ ৰচনা?
উত্তৰ: অনন্ত কন্দলীৰ।
(২২৩) ‘বৃত্তাসুৰ বধ’, ‘শেষ দশম’, ‘মহীৰাৱণ বধ’ কাব্য কোনে ৰচনা কৰিছিল?
উত্তৰ: অনন্ত কন্দলীয়ে।
(২২৪) অনন্ত কন্দলীৰ ‘বৃত্তাসুৰ বধ’ ভাগৱতৰ কোনটো স্কন্ধৰ ওপৰত আধাৰিত?
উত্তৰ: ষষ্ঠ।
(২২৫) অনন্ত কন্দলীৰ একমাত্ৰ নাটখনৰ নাম কি?
উত্তৰ: ‘সীতাৰ পাতাল প্রৱেশ’।
(২২৬) “বামুণীৰ পুতেক হৈ টোকৰ মাৰিলা, বেল শিৰত নোমল, ভক্তি-পৰ হ’ল ৰছ, যুদ্ধক কৈল দৃঢ়।” কথাষাৰ কোনে, কাক কৈছিল?
উত্তৰ: শংকৰদেৱে, অনন্ত কন্দলীক কৈছিল।
(২২৭) ‘শ্রীচন্দ্র ভাৰতী’ নাম কোনজন অসমীয়া কবিক দিছিল?
উত্তৰ: অনন্ত কন্দলীক।
(২২৮) ‘অসমীয়া ব্যাস’ কোন?
উত্তৰ: ৰাম সৰস্বতী।
(২২৯) ৰাম সৰস্বতীৰ পিতৃদত্ত নাম কি?
উত্তৰ: অনিৰুদ্ধ।
(২৩০) ৰাম সৰস্বতীৰ দীক্ষাগুৰুৰ নাম কি?
উত্তৰ: মুকুন্দদেৱ।
(২৩১) ‘মহাভাৰতীয় কবি’ বুলি কাক আখ্যা দিয়া হয়?
উত্তৰ: ৰাম সৰস্বতীক।
(২৩২) প্রাচীন অসমীয়া কবিসকলৰ ভিতৰত সকলোতকৈ সৰহ সংখ্যক পদ ৰচনা কৰা কবি গৰাকী কোন?
উত্তৰ: ৰাম সৰস্বতী।
(২৩৩) ‘বধকাব্য’ৰ ৰচক কোন?
উত্তৰ: ৰাম সৰস্বতী।
(২৩৪) ৰাম সৰস্বতী বিৰচিত দুখন বধকাব্যৰ নাম লিখা।
উত্তৰ: ‘কুলাচল-বধ’ আৰু ‘জটাসুৰ বধ’।
(২৩৫) বধকাব্যক কোনে ইউৰোপীয় সাহিত্যৰ মধ্যযুগীয় ৰোমান্সৰ লগত তুলনা কৰিছে?
উত্তৰ: ড০ বাণীকান্ত কাকতিয়ে।
(২৩৬) ৰাম সৰস্বতীয়ে কোন গৰাকী ৰজাৰ অনুপ্ৰেৰণাত মহাভাৰতৰ শ্লোক অসমীয়া পদলৈ অনুবাদ কৰিছিল?
উত্তৰ: নৰনাৰায়ণ।
(২৩৭) ৰাম সৰস্বতীৰ জনপ্ৰিয় কাব্যখনৰ নাম কি?
উত্তৰ: ‘ভীমচৰিত’।
(২৩৮) মহাভাৰতৰ এক লাখ শ্লোকৰ ভিতৰত ৰাম সৰস্বতীয়ে অকলে কিমান শ্লোক অসমীয়ালৈ অনুবাদ কৰিছিল? নাইবা, ৰাম সৰস্বতীয়ে বন পর্বত কিমানটা পদ ৰচনা কৰিছিল?
উত্তৰ: ৩০ হাজাৰ।
(২৪৬) ‘কিৰাত পর্ব’ কোনে ৰচনা কৰিছিল?
উত্তৰ: কংসাৰি কবিয়ে।
(২৪৭) ‘কীর্তন’ৰ অন্তর্ভুক্ত হোৱা ‘সহস্ৰ নাম-বৃত্তান্ত’ৰ ৰচক কোন?
উত্তৰ: ৰত্নাকৰ কন্দলী।
(২৪৮) ‘ব্রহ্মগীতা’ আৰু ‘গীতাকীর্তন’ৰ গ্রন্থকাৰ কোন?
উত্তৰ: ৰত্নাকৰ কন্দলী।
(২৪৯) ‘কাণখোৱা’ আৰু ‘ঘুনুচা কীর্তন’ কোনে ৰচনা কৰিছিল?
উত্তৰ: শ্রীধৰ কন্দলীয়ে।
(২৫০) ‘অঙ্কাৱলী’ কোনে ৰচনা কৰিছিল?
উত্তৰ: কালিৰাম মেধিয়ে।
(২৫১) ‘অঙ্কীয়া নাট’ শীর্ষক গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ: ড০ বিৰিঞ্চি কুমাৰ বৰুৱা।
(২৫২) অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন?
উত্তৰ: ভট্টদেৱ।
(২৫৩) ভট্টদেৱৰ প্রকৃত নাম কি?
উত্তৰ: বৈকুন্ঠনাথ ভট্টাচাৰ্য।
(২৫৪) ভট্টদেৱৰ পিতৃৰ নাম কি?
উত্তৰ: চন্দ্ৰ ভাৰতী।
(২৫৫) ভট্টদেৱৰ জন্ম ক’ত হৈছিল?
উত্তৰ: কামৰূপৰ বৰনগৰ অঞ্চলৰ ভেৰাগ্রামত।
(২৫৬) ভট্টদেৱৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ: খ্রীষ্টিয় ষোড়শ শতিকাৰ মাজভাগত, ১৫৫৮ খ্ৰীঃত।
(২৫৭) ভট্টদেৱে কাৰ ওচৰত শৰণ লয়? নাইবা, ভট্টদেৱৰ গুৰু কোন? ভট্টদেৱ কাৰ শিষ্য?
উত্তৰ: দামোদৰদেৱ।
(২৫৮) ভট্টদেৱক পণ্ডিত সমাজে কি কি উপাধিৰে বিভূষিত কৰিছিল?
উত্তৰ: কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য।
(২৫৯) ভট্টদেৱৰ ভাগৱতখন গ্ৰহণ কৰি কোনে “অন্তিম কালত ভৱৰোগৰ মহৌষধ এই ভাগৱত শাস্ত্ৰই আমাৰ পৰম সুখাদ্য” বুলি কৈছিল?
উত্তৰ: দামোদৰদেৱে।
(২৬০) ভট্টদেৱে স্থাপন কৰা সত্র দুখন কি কি?
উত্তৰ: পাটবাউসী আৰু ব্যাসকুছি সত্ৰ।
(২৬১) ‘কথাগীতা’, ‘কথা-ভাগৱত’ আৰু ‘কথা-ৰত্নাৱলী’ কোনে ৰচনা কৰিছিল?
উত্তৰ: ভট্টদেৱে।
(২৬২) ভট্টদেৱে গদ্যত ৰচনা কৰা উল্লেখযোগ্য পুথি কেইখন কি কি?
উত্তৰ: ‘কথাগীতা’, ‘কথা-ভাগৱত’ আৰু ‘কথা-ৰত্নাৱলী’।
(২৬৩) “‘কথা-ভাগৱত’ৰ ভাষাতকৈ ‘কথাগীতা’ৰ ভাষা বেছি কোমল আৰু সৰল।” কথাষাৰ কোনে কৈছিল?
উত্তৰ: হেমচন্দ্ৰ গোস্বামীয়ে।
(২৬৪) “‘কথাগীতা’ পঢ়িলে এনেহে লাগে যেন নামঘৰত ৰাইজ গোট খাইছে আৰু ভাগৱতীয়ে শাস্ত্ৰ পাঠ কৰি টীকাসহ ব্যাখ্যা কৰিছে; মাজে মাজে গভীৰ বিষয়ৰ প্রশ্ন তুলি নিজেই যেন তাৰ সমাধান কৰিছে।” উক্ত কথাষাৰৰ বক্তা কোন?
উত্তৰ: ড০ বিৰিঞ্চি কুমাৰ বৰুৱা।
(২৬৫) ‘কথা-ভাগৱত’ৰ শব্দ চয়ন সংস্কৃত শব্দৰে ভাৰাক্ৰান্ত বুলি কোনে মত প্ৰকাশ কৰিছে?
উত্তৰ: ড০ বাণীকান্ত কাকতিয়ে।
(২৬৬) ভট্টদেৱে ‘কথা-ভাগৱত’ কেতিয়া ৰচনা কৰিছিল?
উত্তৰ: ষোড়শ শতিকাৰ শেষ দশকত, ১৫৯৬ খ্ৰীষ্টাব্দমানত।
(২৬৭) ‘শৰণমালিকা’, ‘গুৰুবংশাৱলী’, আৰু ‘প্ৰসংগমালা’ কোনে ৰচনা কৰিছিল?
উত্তৰ: ভট্টদেৱে।
(২৬৮) ‘প্ৰসংগমালা’ পুথিখন কোনে সম্পাদনা কৰিছিল?
উত্তৰ: ৰামদেৱ গোস্বামীয়ে।
(২৬৯) ভট্টদেৱে সংস্কৃত ভাষাত ৰচনা কৰা গ্ৰন্থ দুখন কি কি?
উত্তৰ: ‘ভক্তিসাৰ’ আৰু ‘ভক্তিবিবেক’।
(২৭০) ‘ভক্তিবিবেক’ গ্রন্থখন কোনে সম্পাদনা কৰিছিল?
উত্তৰ: লক্ষ্মীনাৰায়ণ চট্টোপাধ্যায়।
(২৭১) গোপালদেৱৰ আন এটা নাম কি?
উত্তৰ: গোপাল আতা।
(২৭২) গোপাল আতাৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ: ১৬৪০ খ্ৰীঃত।
(২৭৩) গোপাল আতাৰ জন্ম ক’ত হৈছিল?
উত্তৰ: উজনিৰ গড়গাঁৱৰ ওচৰত।
(২৭৪) গোপাল আতা কাৰ শিষ্য আছিল?
উত্তৰ: মাধৱদেৱৰ।
(২৭৫) ‘কাল সংহতিৰ’ প্রৱর্তক কোন?
উত্তৰ: গোপাল আতা।
(২৭৬) গোপাল আতাই বৈষ্ণৱ সমাজত কি ৰূপে খ্যাতি লাভ কৰিছিল?
উত্তৰ: ‘কথাৰ সাগৰ’।
(২৭৬) গোপাল আতাই ৰচনা কৰা নাট কেইখনৰ নাম কি কি?
উত্তৰ: ‘উদ্ধৱযান’, ‘জন্মযাত্রা’ আৰু ‘নন্দোৎসৱ’।
(২৭৭) ‘উদ্ধৱযান’ নাটৰ আন এটা নাম কি?
উত্তৰ: ‘গোপী-উদ্ধৱ সংবাদ’।
(২৭৮) ‘জন্মযাত্রা’ নাটৰ মূল কি?
উত্তৰ: দশম স্কন্ধ ভাগৱত।
(২৭৯) গোপাল মিশ্র কাৰ শিষ্য আছিল?
উত্তৰ: দামোদৰদেৱৰ।
(২৮০) ‘খুদীয়া’ সত্ৰৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰ: গোপাল মিশ্র।
(২৮১) ‘ঘোষাৰত্ন’, ‘শঙ্খচুৰ-বধ’, আৰু ‘মহিষাসুৰ-বধ’ কোনে ৰচনা কৰিছিল?
উত্তৰ: গোপাল মিশ্রই।
(২৮২) ‘ঘোষাৰত্ন’ কোন শ্ৰেণীৰ গ্ৰন্থ?
উত্তৰ: নামঘোষা শ্ৰেণীৰ।
(২৮৩) গোপাল মিশ্রৰ পাণ্ডিত্য আৰু ভক্তিৰ পৰিচায়ক গ্ৰন্থখনৰ নাম কি?
উত্তৰ: ‘ঘোষাৰত্ন’।
(২৮৪) ‘কথাসূত্র’ আৰু ‘গীতাসাৰ’ কোনে ৰচনা কৰিছিল?
উত্তৰ: ভাগৱত আচাৰ্যই।
(২৮৫) ভাগৱত আচাৰ্য কাৰ শিষ্য আছিল?
উত্তৰ: হৰিদেৱৰ।
(২৮৬) ভাগৱত আচার্যৰ পিতৃৰ নাম কি?
উত্তৰ: হৰিমিশ্র।
(২৮৭) ভট্টদেৱৰ ‘ভক্তিবিবেক’ নামৰ সংস্কৃত গ্ৰন্থখন পদলৈ কোনে অনুবাদ কৰিছিল?
উত্তৰ: গোবিন্দ মিশ্রই।
(২৮৮) ‘পদগীতা’ কোনে ৰচনা কৰিছিল?
উত্তৰ: গোবিন্দ মিশ্রই।
(২৮৯) কোন গৰাকী ব্যক্তি একেধাৰে কোচ ৰজাৰ মন্ত্ৰী, সেনাপতি আৰু কবি আছিল?
উত্তৰ: কবীন্দ্র পাত্ৰ।
(২৯০) গোপীনাথ পাঠক কাৰ পুতেক আছিল?
উত্তৰ: ৰাম সৰস্বতীৰ।
(২৯১) গোপীনাথ পাঠকে মহাভাৰতৰ কি কি পর্ব ৰচনা কৰিছিল?
উত্তৰ: ‘দ্রোণ-পর্ব’, ‘সভা-পর্ব’ আৰু ‘স্বৰ্গৰোহণ-পর্ব’।
(২৯২) মহাভাৰতৰ ‘শল্য-পর্ব’ কোনে ৰচনা কৰিছিল?
উত্তৰ: দামোদৰ দাসে।
(২৯৩) ‘অম্বাৰ চৰিত্ৰ’ কাৰ ৰচনা?
উত্তৰ: বিদ্যা পঞ্চাননৰ।
(২৯৪) ‘পুতুলা চৰিত্ৰ’ আৰু ‘বৃন্দাবন-চৰিত’ কোনে ৰচনা কৰিছিল?
উত্তৰ: ৰামমিশ্রই।
(২৯৫) মহাভাৰতৰ ‘কিৰাত পৰ্ব’ কোনে ৰচনা কৰিছিল?
উত্তৰ: কবিশেখৰে।
(২৯৬) ‘ৰাধা-চৰিত’ কাৰ ৰচনা?
উত্তৰ: কলাপচন্দ্র দ্বিজৰ।
(২৯৭) ‘ৰামায়ণ চন্দ্রিকা’ৰ কবি কোন?
উত্তৰ: কলাপচন্দ্র দ্বিজ।
(২৯৮) অনিৰুদ্ধ কায়স্থই কোনজন ৰজাৰ অনুপ্ৰেৰণাত ভাগৱতৰ পঞ্চম স্কন্ধ ভাঙনি কৰিছিল?
উত্তৰ: ৰঘুদেৱ।
(২৯৯) মায়ামৰীয়া পন্থাৰ প্রবর্তক কোন?
উত্তৰ: অনিৰুদ্ধদেৱ।
(৩০০) অনিৰুদ্ধদেৱ কাৰ শিষ্য আছিল?
উত্তৰ: ভৱানীপুৰীয়া গোপাল আতাৰ।
(৩০১) অনিৰুদ্ধদেৱৰ পিতৃদত্ত নাম কি?
উত্তৰ: হৰকন্ঠ।
(৩০২) ‘ধ্ৰুৱ চৰিত্ৰ’ আৰু ‘ভাগৱত ৰত্ন’ কোনে ৰচনা কৰিছিল?
উত্তৰ: বিষ্ণু ভাৰতীয়ে।
(৩০৩) কোনজন কবিয়ে নিজকে ‘কবিৰত্নসুত’ বুলি পৰিচয় দিছে?
উত্তৰ: বিষ্ণু ভাৰতীয়ে।
(৩০৪) ৰামচৰণ ঠাকুৰ কাৰ পুতেক?
উত্তৰ: হোকোৰাকুচীয়া ৰামদাস কায়স্থৰ।
(৩০৫) মহাপুৰুষ শংকৰদেৱৰ সংস্কৃত ‘ভক্তি-ৰত্নাকৰ’ গ্ৰন্থখন কোনে অসমীয়াত পদানুবাদ কৰে?
উত্তৰ: ৰামচৰণ ঠাকুৰে।
(৩০৬) ৰামচৰণ ঠাকুৰৰ চৰিত পুথিখনৰ নাম কি?
উত্তৰ: ‘শংকৰ চৰিত’।
(৩০৭) দৈত্যাৰী ঠাকুৰ কাৰ পুতেক আছিল?
উত্তৰ: ৰামচৰণ ঠাকুৰৰ।
(৩০৮) দৈত্যাৰী ঠাকুৰে ৰচনা কৰা চৰিত পুথিখনৰ নাম কি?
উত্তৰ: ‘শংকৰ-মাধৱ চৰিত’।
(৩০৯) ‘স্যমন্ত-হৰণ’ আৰু ‘নৃসিংহ-যাত্ৰা’ নাট দুখনৰ লেখক কোন?
উত্তৰ: দৈত্যাৰী ঠাকুৰ।
(৩১০) ভূষণ দ্বিজে লিখা চৰিত পুথিখনৰ নাম কি?
উত্তৰ: ‘শঙ্কৰ চৰিত’।
(৩১১) ‘গুৰু চৰিত’ কোনে ৰচনা কৰিছিল?
উত্তৰ: ৰামানন্দ দ্বিজে।
(৩১২) ‘গুৰুলীলা’ চৰিতখন কাৰ ৰচনা?
উত্তৰ: ৰামৰায়ৰ।
(৩১৩) ৰমানন্দই ৰচনা কৰা চৰিত পুথিখনৰ নাম কি?
উত্তৰ: ‘বংশী গোপালদেৱ চৰিত’।
(৩১৪) ‘বনমালীদেৱ চৰিত’ কাৰ ৰচনা?
উত্তৰ: ৰমাকান্তৰ।
(৩১৫) ‘গোবিন্দ চৰিত’ পুথিখনৰ লেখক কোন?
উত্তৰ: ভৱানন্দ দ্বিজ।
(৩১৬) ‘ঠাকুৰ চৰিত’ কাৰ ৰচনা?
উত্তৰ: বিদ্যানন্দ ওজাৰ।
(৩১৭) ‘কিতাবত মঞ্জৰী’ কাৰ ৰচনা?
উত্তৰ: বকুল কায়স্থৰ।
(৩১৮) ‘লীলাৱতী’ কাৰ ৰচনা?
উত্তৰ: কবিৰত্ন দ্বিজৰ।
(৩১৯) ‘দৰং ৰাজবংশাৱলী’ কাৰ ৰচনা?
উত্তৰ: সূর্যখড়ি দৈৱজ্ঞৰ।
(৩২০) আহোমৰ প্রথম ৰজা কোন আছিল?
উত্তৰ: চুকাফা।
(৩২১) আহোম ৰজা চুকাফাই কি পর্বত অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰে?
উত্তৰ: পাটকাই পৰ্বত।
(৩২২) কোনজন ৰজাই পোন প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল?
উত্তৰ: জয়ধ্বজ সিংহই।
(৩২৩) ৰঘুনাথ মহন্তৰ পিতৃৰ নাম কি?
উত্তৰ: কৃষ্ণনাথ।
(৩২৪) ৰঘুনাথ মহন্তই ৰচনা কৰা ৰামায়ণ সম্পৰ্কীয় গ্ৰন্থ তিনিখনৰ নাম লিখা।
উত্তৰ: ‘কথা ৰামায়ণ’, ‘অদ্ভুত ৰামায়ণ’ আৰু ‘শত্রুঞ্জয়’।
(৩২৫) ৰঘুনাথ মহন্তৰ প্রথম ৰচনা কি?
উত্তৰ: ‘শত্রুঞ্জয়’।
(৩২৬) ৰঘুনাথ মহন্তৰ শেষ ৰচনা কি?
উত্তৰ: ‘কথা-ৰামায়ণ’।
(৩২৭) ‘শিশুপাল বধ’ কাৰ ৰচনা?
উত্তৰ: শিষ্ট ভট্টাচাৰ্যৰ।
(৩২৮) সাগৰখড়ি দৈৱজ্ঞ কোন অঞ্চলৰ লেখক আছিল?
উত্তৰ: দৰং অঞ্চলৰ।
(৩২৯) ‘কুর্মাৱলী বধ’ কাৰ ৰচনা?
উত্তৰ: সাগৰখড়ি দৈৱজ্ঞৰ।
(৩৩০) কাৰ দিনত পোন প্ৰথমে বঙলুৱা প্রভাৱ অসমীয়া সংস্কৃতিত প্ৰৱেশ লাভ কৰে?
উত্তৰ: ৰুদ্ৰসিংহৰ দিনত।
(৩৩১) আহোম যুগৰ শ্ৰেষ্ঠ কবিজনৰ নাম কি আছিল?
উত্তৰ: কবিৰাজ চক্ৰৱৰ্তী।
(৩৩২) ‘ব্রহ্মবৈৱর্ত পুৰাণ’, ‘গীতগোবিন্দ’, ‘শঙ্খচুৰ-বধ’, ‘শকুন্তলা’ আৰু ‘ভাস্বতী’ কোনে ৰচনা কৰিছিল?
উত্তৰ: কবিৰাজ চক্ৰৱৰ্তীয়ে।
(৩৩৩) ‘ভাস্বতী’ কোন শ্ৰেণীৰ গ্ৰন্থ?
উত্তৰ: জ্যোতিষ সম্পৰ্কীয়।
(৩৩৪) কবিৰাজ চক্ৰৱৰ্তীৰ প্রকৃত নাম কি?
উত্তৰ: ৰামনাৰায়ণ চক্রৱর্তী।
(৩৩৫) ‘ধর্মপুৰাণ’ আৰু ‘কামকুমাৰ হৰণ’ কোনে ৰচনা কৰিছিল?
উত্তৰ: কবিচন্দ্র দ্বিজে।
(৩৩৬) ‘বৃহন্নাৰদীয় পুৰাণ’ কোনে ৰচনা কৰিছিল?
উত্তৰ: ভূৱনেশ্বৰ বাচস্পতিয়ে।
(৩৩৭) ‘তুংখুঙীয়া বুৰঞ্জী’ৰ প্রণেতা কোন?
উত্তৰ: শ্রীনাথ দুৱৰা বৰবৰুৱা।
(৩৩৮) ‘তুংখুঙীয়া বুৰঞ্জী’ কেতিয়া প্রণয়ন হয়?
উত্তৰ: ১৮০৩ চনত।
(৩৩৯) ‘ত্ৰিপুৰা বুৰঞ্জী’ৰ লেখকদ্বয়ৰ নাম লিখা।
উত্তৰ: ৰত্ন কন্দলী আৰু অৰ্জুনদাস বৈৰাগী।
(৩৪০) ‘ত্ৰিপুৰা বুৰঞ্জী’ কেতিয়া প্রণয়ন হয়?
উত্তৰ: ১৭২৪ চনত।
(৩৪১) ‘অসম বুৰঞ্জী পুথি’ৰ লেখকদ্বয়ৰ নাম লিখা।
উত্তৰ: কাশীনাথ তামুলী ফুকন আৰু ৰাধানাথ বৰবৰুৱা।
(৩৪২) এতিয়ালৈকে প্রকাশিত প্রাচীন বুৰঞ্জীখনৰ নাম কি?
উত্তৰ: ‘পুৰণি অসম বুৰঞ্জী’।
(৩৪৩) ‘পুৰণি অসম বুৰঞ্জী’ কোনে সম্পাদনা কৰিছিল?
উত্তৰ: হেমচন্দ্ৰ গোস্বামীয়ে।
(৩৪৪) ‘চৰিত তোলা প্রথা’ কোনে প্রৱর্তন কৰিছিল?
উত্তৰ: মাধৱদেৱে।
(৩৪৫) চৰিত পুথি কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰ: দুই প্ৰকাৰৰ-পদ্য চৰিত আৰু গদ্য চৰিত।
(৩৪৬) গদ্যত ৰচিত হোৱা প্রথম চৰিত পুথিখনৰ নাম কি?
উত্তৰ: ‘গুৰুচৰিত কথা’।
(৩৪৭) ‘কথা গুৰুচৰিত’ৰ প্রথম সম্পাদকজনৰ নাম কি?
উত্তৰ: উপেন্দ্ৰ চন্দ্ৰ লেখাৰু।
(৩৪৮) ‘হস্তীবিদ্যার্ণৱ’ আৰু ‘ঘোঁৰানিদান’ কোনে ৰচনা কৰিছিল?
উত্তৰ: সুকুমাৰ বৰকাথে।
(৩৪৯) ‘শিয়াল গোসাঁইৰ চৰিত’ কাৰ ৰচনা?
উত্তৰ: কবিৰাজ কবিৰ।
(৩৫০) ‘আনন্দ লহৰী’ কাৰ ৰচনা?
উত্তৰ: অনন্ত আচার্যৰ।
(৩৫১) ‘কল্কি পুৰাণ’ কোনে ৰচনা কৰিছিল?
উত্তৰ: ৰুচিনাথ কন্দলীয়ে।
(৩৫২) ‘যোগিনীতন্ত্ৰ’ কাৰ ৰচনা?
উত্তৰ: ৰামচন্দ্ৰ বৰপাত্ৰৰ।
(৩৫৩) ‘যোগিনীতন্ত্ৰ’ত কেইটা খণ্ড আছে?
উত্তৰ: ১১ টা।
(৩৫৪) ‘কুমৰ হৰণ’ নাট কাৰ ৰচনা?
উত্তৰ: লক্ষ্মীনাথ দাসৰ।
(৩৫৫) ‘মৃগাৱতী চৰিত’ কাৰ ৰচনা?
উত্তৰ: ৰাম দ্বিজৰ।
(৩৫৬) ‘ভক্তি প্রেমাৱলী’ কোনে ৰচনা কৰিছিল?
উত্তৰ: নৰোত্তম ঠাকুৰে।
(৩৫৭) ‘অশোক চৰিত’ কাৰ ৰচনা?
উত্তৰ: কামদেৱ বিপ্রৰ।
(৩৫৮) ‘লক্ষ্মী চৰিত’ কাৰ ৰচনা?
উত্তৰ: জগন্নাথ দ্বিজৰ।
(৩৫৯) ইয়াণ্ডাবু সন্ধি কেতিয়া হয়?
উত্তৰ: ১৮২৬ চনত।
(৩৬০) কোন চনত অসমীয়া ভাষা পঢ়াশালি আৰু আদালতৰ পৰা উঠাই দিয়া হয় আৰু কিমান চনত অসমীয়া ভাষাই পঢ়াশালি আৰু আদালতত পুনৰ প্ৰতিষ্ঠা লাভ কৰে?
উত্তৰ: ১৮৩৬ চন, ১৮৭৩ চন।
(৩৬১) ‘বাইবেল’ কোনে, কেতিয়া অসমীয়া ভাষালৈ অনুবাদ কৰে?
উত্তৰ: আত্মাৰাম শৰ্মাই, ১৮১৩ চনত।
(৩৬২) ‘কলিভাৰত বুৰঞ্জী’ৰ প্রণেতা কোন?
উত্তৰ: দুতিৰাম হাজৰিকা।
(৩৬৩) ‘বেলিমাৰ বুৰঞ্জী’ৰ প্রণেতা কোন?
উত্তৰ: বিশ্বেশ্বৰ বৈদ্যাধিপ।
(৩৬৪) ‘বুৰঞ্জী বিবেকৰত্ন’ কোনে ৰচনা কৰিছিল?
উত্তৰ: মণিৰাম দেৱানে।
(৩৬৫) ‘বঙলা অসমীয়া অভিধান’ কোনে উলিয়ায়?
উত্তৰ: যদুৰাম ডেকা বৰুৱাই।
(৩৬৬) প্রথম অসমীয়া আলোচনীখনৰ নাম কি?
উত্তৰ: ‘অৰুণোদই’।
(৩৬৭) ‘অৰুনোদই’ কাকতখন কিমান চনত প্ৰকাশ পায়?
উত্তৰ: ১৮৪৬ চনত।
(৩৬৮) ‘অৰুনোদই’ কাকতৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ: ড০ নাথান ব্ৰাউন।
(৩৬৯) ‘অৰুনোদই’ নামৰ আলোচনীখন প্রথম ক’ৰ পৰা প্ৰকাশ পায়?
উত্তৰ: শিৱসাগৰ মিছনেৰী প্ৰেছৰ পৰা।
(৩৭০) ‘যোচেফৰ কাহিনী’ আৰু ‘যাত্রিকৰ যাত্ৰা’ কোনে ৰচনা কৰিছিল?
উত্তৰ: ড০ নাথান ব্ৰাউনে।
(৩৭১) ‘Pilgrims Progress’ উপন্যাসখন অসমীয়া ভাষালৈ কোনে অনুবাদ কৰিছিল আৰু ইয়াৰ নামটো কি দিয়া হৈছিল?
উত্তৰ: ড০ নাথান ব্ৰাউন, ‘যাত্রিকৰ যাত্ৰা’।
(৩৭২) অসমীয়া ভাষাৰ ব্যাকৰণখনৰ প্রকৃত নাম কি?
উত্তৰ: Grammatical Notes on the Assamese Language’.
(৩৭৩) অসমীয়া ভাষাত প্ৰকাশিত প্রথম অসমীয়া অভিধানখনৰ নাম কি আৰু এইখন কিমান চনত ছপা হৈ ওলায়? ইয়াৰ লেখক কোন?
উত্তৰ: ‘অসমীয়া অভিধান’, ১৮৬৭ চনত, ড০ মাইলছ ব্ৰন্সন।
(৩৭৪) ‘ৰুথ আৰু যোচেফৰ কাহিনী’, ‘কানি বেহেৰুৱাৰ কথা’, আৰু ‘কামিনী কান্তৰ চৰিত্র’ কোনে ৰচনা কৰিছিল?
উত্তৰ: এ. কে. গার্নিয়ে।
(৩৭৫) ‘ফুলমণি আৰু কৰুণাৰ কাহিনী’ উপন্যাসখন কাৰ ৰচনা?
উত্তৰ: শ্রীমতী গার্নিৰ।
(৩৭৬) নিধিৰাম ফাৰৱেলে অৰুনোদইত কি নামত লিখা-মেলা কৰিছিল?
উত্তৰ: ন, ল, ফ।
(৩৭৭) ‘অসমীয়া ল’ৰাৰ মিত্ৰ’ কাৰ ৰচনা?
উত্তৰ: আনন্দৰাম ঢেকিয়াল ফুকন।
(৩৭৮) আনন্দৰাম ঢেকিয়াল ফুকনে ”অসমীয়া ল’ৰাৰ মিত্ৰ’ কেতিয়া ৰচনা কৰিছিল?
উত্তৰ: ১৮৪৯ চনত।
(৩৭৯) ‘A few Remarks on Assasmes Language’ নামৰ পুষ্টিকাখনৰ ৰচক কোন?
উত্তৰ: আনন্দৰাম ঢেকিয়াল ফুকন।
(৩৮০) ‘A few Remarks on Assasmes Language’ নামৰ পুষ্টিকাখন কেতিয়া প্রকাশ হয়?
উত্তৰ: ১৮৫৫ চনত।
(৩৮১) হেমচন্দ্ৰ বৰুৱাৰ জন্ম ক’ত হৈছিল?
উত্তৰ: শিৱসাগৰ ৰজাবাহৰ গাঁৱত।
(৩৮২) হেমচন্দ্ৰ বৰুৱাৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ: ১৮৩৫ চনত, ১৭৫৭ শকত।
(৩৮৩) হেমচন্দ্ৰ বৰুৱাৰ পিতৃৰ নাম কি?
উত্তৰ: মুক্তাৰাম বৰুৱা।
(৩৮৪) হেমচন্দ্ৰ বৰুৱাই হিন্দী বা ব্রজভাষা কাৰ পৰা শিকিছিল?
উত্তৰ: কাপ্তান ব্রোডি চাহাবৰ পৰা।
(৩৮৫) হেমচন্দ্ৰ বৰুৱাই ক’ত সাহিত্যিক জীৱন আৰম্ভ কৰিছিল?
উত্তৰ: ‘অৰুণোদই’ত।
(৩৮৬) অৰুণোদইত হেমচন্দ্ৰ বৰুৱাই কি ছদ্মনামেৰে প্রবন্ধ লেখিছিল?
উত্তৰ: সোণাৰচাঁন্দ।
(৩৮৭) হেমচন্দ্ৰ বৰুৱাই লিখা অভিধানখনৰ নাম কি? নাইবা, হেমচন্দ্ৰ বৰুৱাৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?
উত্তৰ: ‘হেমকোষ’।
(৩৮৮) ‘কানীয়াৰ কীর্তন’ কোনে ৰচনা কৰিছিল?
উত্তৰ: হেমচন্দ্ৰ বৰুৱাই।
(৩৮৯) ‘কানীয়াৰ কীর্তন’ কিমান চনত প্ৰকাশিত হয়?
উত্তৰ: ১৮৬১ চনত।
(৩৯০) ‘বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী’ গ্রন্থখন কাৰ ৰচনা?
উত্তৰ: হেমচন্দ্ৰ বৰুৱাৰ।
(৩৯১) ‘ল’ৰাবন্ধু’ৰ সম্পাদক কোন আছিল?
উত্তৰ: কৰুণাভিৰাম বৰুৱা।
(৩৯২) গুণাভিৰাম বৰুৱাই কোনখন কাকতৰ জৰিয়তে সাহিত্য জগতত প্ৰৱেশ কৰে?
উত্তৰ: ‘অৰুণোদই’।
(৩৯৩) গুণাভিৰাম বৰুৱাৰ প্রথম সাহিত্যিক প্ৰচেষ্টা কি?
উত্তৰ: ‘ৰাম-নৱমী’ নাট।
(৩৯৪) গুণাভিৰাম বৰুৱাই কিমান চনত ‘ৰাম-নৱমী’ নাটক ৰচনা কৰিছিল?
উত্তৰ: ১৮৫৭ চনত।
(৩৯৫) আধুনিক নাট্য সাহিত্যৰ জন্মদাতা কোন? নাইবা, আধুনিক সামাজিক নাটৰ জন্মদাতা কোন?
উত্তৰ: গুণাভিৰাম বৰুৱা।
(৩৯৬) প্রথম অসমীয়া আধুনিক নাটখনৰ নাম কি? নাইবা, প্রথম অসমীয়া সামাজিক নাটখনৰ নাম কি?
উত্তৰ: ‘ৰাম-নৱমী’।
(৩৯৭) আধুনিক যুগৰ প্রথম অসমীয়া জীৱন চৰিত খনৰ নাম কি? ইয়াৰ লেখক কোন?
উত্তৰ: ‘আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ’, গুণাভিৰাম বৰুৱা।
(৩৯৮) ‘আসাম বন্ধু’ আলোচনীখন কিমান চনত প্ৰকাশিত হয়?
উত্তৰ: ১৮৮৫ চনত।
(৩৯৯) ‘আসাম বন্ধু’ আলোচনীৰ সম্পাদক কোন আছিল?
উত্তৰ: গুণাভিৰাম বৰুৱা।
(৪০০) গুণাভিৰাম বৰুৱাই কি ছদ্মনামেৰে কবিতা ৰচনা কৰিছিল?
উত্তৰ: গুৰুদত্ত।
(৪০১) ‘কবিতামালা’ শীর্ষক কাব্য গ্রন্থখনি কোনে ৰচনা কৰিছিল?
উত্তৰ: ভোলানাথ দাসে।
(৪০২) অমিত্ৰাক্ষৰ ছন্দৰ প্রৱর্তক কোন?
উত্তৰ: মাইকেল মধুসূদন দত্ত।
(৪০৩) ‘মেঘনাদ বধ’ কাব্য কাৰ ৰচনা?
উত্তৰ: মাইকেল মধুসূদন দত্তৰ।
(৪০৪) অসমীয়া সাহিত্যত অমিত্ৰাক্ষৰ ছন্দৰ প্রৱর্তক কোন?
উত্তৰ: ৰমাকান্ত চৌধুৰী।
(৪০৫) অসমীয়া সাহিত্যত অমিত্ৰাক্ষৰ ছন্দত ৰচিত প্রথম কাব্যখনৰ নাম কি? ইয়াৰ ৰচক কোন?
উত্তৰ: ‘অভিমন্যু বধ’, ১৮৭৫ চনত, ৰমাকান্ত চৌধুৰী।
(৪০৬) ‘সীতাহৰণ’ নাটখন কোন শ্ৰেণীৰ নাটক?
উত্তৰ: পৌৰাণিক।
(৪০৭) আধুনিক যুগৰ প্রথম অসমীয়া পৌৰাণিক নাটখনৰ নাম কি?
উত্তৰ: ‘সীতাহৰণ’, ৰমাকান্ত চৌধুৰী।
(৪০৮) ‘ল’ৰাবোধ’ কাৰ ৰচনা?
উত্তৰ: লম্বোদৰ বৰাৰ।
(৪০৯) ‘চিন্তানল’ আৰু ‘চিন্তাতৰংগ’ কোনে ৰচনা কৰিছিল?
উত্তৰ: কমলাকান্ত ভট্টাচাৰ্যই।
(৪১০) ‘অগ্নিকবি’ কোন?
উত্তৰ: কমলাকান্ত ভট্টাচাৰ্য।
(৪১১) ‘অসমীয়া সাহিত্য চৰা’ কোন চনত প্ৰতিষ্ঠা হয়?
উত্তৰ: ১৮৭২ চনত।
(৪১২) ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা (অ. ভা. উ. সা. সভা) কোন চনত প্ৰতিষ্ঠা হয়?
উত্তৰ: ১৮৮৮ চনত।
(৪১৩) প্রথম অসমীয়া মাহেকীয়া আলোচনীখনৰ নাম কি?
উত্তৰ: ‘জোনাকী’।
(৪১৪) ‘জোনাকী’ কাকতখন কোন চনত প্ৰকাশিত হয়?
উত্তৰ: ১৮৮৯ চনত।
(৪১৫) ‘জোনাকী’ কাকতৰ প্রথম সম্পাদক কোন আছিল?
উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা।
(৪১৬) জোনাকী যুগৰ ত্রিমূর্তি বুলিলে কাক কাক বুজায়?
উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক।
(৪১৭) ‘বিজুলী’ কাকতখন কোন চনত প্ৰকাশিত হয়?
উত্তৰ: ১৮৯০ চনত।
(৪১৮) ‘বিজুলী’ কাকতৰ প্রথম সম্পাদক কোন আছিল?
উত্তৰ: কৃষ্ণপ্ৰসাদ দুৱৰা।
(৪১৯) ‘ঊষা’ আলোচনীখন কেতিয়া প্রকাশিত হয়?
উত্তৰ: ১৯০৭ চনত।
(৪২০) ‘ঊষা’ আলোচনীখন কোনে সম্পাদনা কৰিছিল?
উত্তৰ: পদ্মনাথ গোহাঞি বৰুৱাই।
(৪২১) ‘বাঁহী’ আলোচনীখন কোন চনত প্ৰকাশিত হয়?
উত্তৰ: ১৯০৯ চনৰ ডিচেম্বৰ মাহত।
(৪২২) ‘বাঁহী’ আলোচনীখন কোনে সম্পাদনা কৰিছিল?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাই।
(৪২৩) ‘আৱাহন’ কাকতখন কোন চনত প্রকাশ পায়?
উত্তৰ: ১৯২৯ চনত।
(৪২৪) ‘আৱাহন’ কাকতখন ক’ৰ পৰা ওলায়?
উত্তৰ: কলিকতাৰ পৰা।
(৪২৫) ‘আৱাহন’ কাকতৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ: দীননাথ শৰ্মা।
(৪২৬) ‘আৱাহন’ কাকতৰ পৃষ্ঠপোষকতা কোনে কৰিছিল?
উত্তৰ: নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে।
(৪২৭) অসমীয়া সাহিত্যত গীতি-কবিতাৰ প্রকৃত প্রৱর্তক কোন?
উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা।
(৪২৮) প্রথম অসমীয়া আধুনিক কবিতাটোৰ নাম কি? নাইবা, প্রথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ নাম কি? ইয়াৰ ৰচক কোন?
উত্তৰ: ‘বনকুঁৱৰী’, চন্দ্ৰকুমাৰ আগৰৱালা, ‘জোনাকী’ৰ প্রথম বছৰ প্রথম সংখ্যাত প্রকাশ পায়।
(৪২৯) প্রথম অসমীয়া ৰোমাণ্টিক কবিজনৰ নাম কি?
উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা।
(৪৩০) চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ পুথি দুখনৰ নাম কি কি?
উত্তৰ: ‘প্রতিমা’ আৰু ‘বীণ বৰাগী’।
(৪৩১) চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্রতিমা’ কিমান চনত প্ৰকাশ হয়?
উত্তৰ: ১৯১৪ চনত।
(৪৩২) চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতাৰ পুথি ‘প্রতিমা’ ক’ত প্রকাশ পাইছিল?
উত্তৰ: ‘জোনাকী’ত।
(৪৩৩) চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্রতিমা’ কবিতা পুথিখনত সবৰ্মুঠ কেইটা কবিতা সন্নিৱিষ্ট কৰা হৈছে?
উত্তৰ: ২৫ টা।
(৪৩৪) ‘প্রতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ’ বুলি কোনে কৈছিল?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাই।
(৪৩৫) চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতাৰ পুথি ‘বীণ বৰাগী’ ক’ত প্ৰকাশ পায়?
উত্তৰ: ‘বাঁহী’ত।
(৪৩৬) চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘বীণ বৰাগী’ কবিতা পুথিখনত সবৰ্মুঠ কেইটা কবিতা সন্নিৱিষ্ট কৰা হৈছে?
উত্তৰ: ১২ টা।
(৪৩৭) লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱন ক’ৰ পৰা আৰম্ভ হয়?
উত্তৰ: ‘লিতিকাই’ নাটকৰ পৰা।
(৪৩৮) লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটখনৰ নাম কি আৰু এইখন ক’ত প্রকাশ পাইছিল?
উত্তৰ: ‘লিতিকাই’, ১৮৯০ চনত, প্রথম বছৰ ‘জোনাকী’ত।
(৪৩৯) লক্ষ্মীনাথ বেজবৰুৱাৰ ‘লিতিকাই’ কোন শ্ৰেণীৰ নাটক?
উত্তৰ: ধেমেলীয়া (প্ৰহসন)।
(৪৪০) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি?
উত্তৰ: ‘পদুম কুঁৱৰী’, ১৮৯১ চন।
(৪৪১) অসমীয়া চুটিগল্পৰ জন্মদাতা কোন?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা।
(৪৪২) প্রথম অসমীয়া চুটিগল্পটোৰ নাম কি?
উত্তৰ: ‘সেউতী’ (বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মতে ‘ভদৰী’।
(৪৪৩) লক্ষ্মীনাথ বেজবৰুৱাৰ ‘সেউতী’ গল্পটো ক’ত আৰু কেতিয়া প্ৰকাশ হৈছিল?
উত্তৰ: ‘জোনাকী’ৰ চতুৰ্থ বছৰ চতুৰ্থ সংখ্যাত, ১৮৯২ চনৰ মে’ মাহত।
(৪৪৪) ‘ভদৰী’ নামৰ বিখ্যাত অসমীয়া চুটিগল্পটোৰ গল্পকাৰজন কোন?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা।
(৪৪৫) অসমীয়া চুটিগল্পই জন্ম লাভ কৰা আলোচনীখনৰ নাম কি?
উত্তৰ: ‘জোনাকী’।
(৪৪৬) ফ্রয়েডীয় যৌন মনস্তত্বৰ ব্যাখ্যা দাঙি ধৰা বেজবৰুৱাৰ গল্পটো কি?
উত্তৰ: ‘পাটমুগী’।
(৪৪৭) লক্ষ্মীনাথ বেজবৰুৱাৰ প্রথম গল্পটো কোনখন আলোচনীত প্ৰকাশ হৈছিল?
উত্তৰ: ‘জোনাকী’ত।
(৪৪৮) লক্ষ্মীনাথ বেজবৰুৱাৰ প্রথম গল্প পুথিখনৰ নাম কি?
উত্তৰ: ‘সুৰভি’, ১৯০৯ চন।
(৪৪৯) লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পপুথি কেইখন আৰু কি কি?
উত্তৰ: চাৰিখন-‘সুৰভি’, ‘জোনবিৰি’, ‘সাধুকথাৰ কুকি’ আৰু ‘কেহোকলি’।
(৪৫০) লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত চুটিগল্প পুথিখনৰ নাম কি?
উত্তৰ: ‘কেহোকলি’।
(৪৫১) ‘কেহোকলি’ কোনে সম্পাদনা কৰিছিল?
উত্তৰ: অতুলচন্দ্ৰ হাজৰিকাই।
(৪৫২) লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথি কেইখন আৰু কি কি?
উত্তৰ: তিনিখন-‘বুঢ়ী আইৰ সাধু’, ‘ককাদেউতা আৰু নাতি ল’ৰা’ আৰু ‘জুনুকা’।
(৪৫৩) লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাট কেইখন আৰু কি কি?
উত্তৰ: চাৰিখন-‘লিতিকাই’ (১৮৯০), ‘নোমল’, ‘পাচনি’ আৰু ‘চিকৰপতি নিকৰপতি’ (১৯১৩)।
(৪৫৪) লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাট কেইখন আৰু কি কি?
উত্তৰ: তিনিখন-‘জয়মতী’, ‘বেলিমাৰ’ আৰু ‘চক্ৰধ্বজ সিংহ’ (১৯১৫)।
(৪৫৫) “কবিতা হয় যদি হওঁক, নহয় যদি নহওঁক” বুলি কবিতা ৰচনা কৰা কবি গৰাকী কোন?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা।
(৪৫৬) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰ: ‘কদমকলি’, ১৯১৩ চন।
(৪৫৭) লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কবিতা পুথিখনৰ নাম কি?
উত্তৰ: ‘পদুমকলি’।
(৪৫৮) লক্ষ্মীনাথ বেজবৰুৱাই লোকগীতৰ আৰ্হিত ৰচনা কৰা দুটা কবিতাৰ নাম লিখা।
উত্তৰ: ‘ধনবৰ আৰু ৰতনী’ আৰু ‘মালতী’।
(৪৫৯) লক্ষ্মীনাথ বেজবৰুৱাই কি ছদ্মনামেৰে ব্যংগ আৰু হাস্য ৰসাত্মক প্রবন্ধ লেখিছিল?
উত্তৰ: কৃপাবৰ বৰবৰুৱা।
(৪৬০) “কৃপাবৰী হাস্যৰস আৰু ব্যংগৰ প্ৰাধান্য থকা স্বত্বেও বেজবৰুৱা অসমীয়া চুটিগল্পৰ স্ৰষ্টাই নহয়, সার্থক দ্ৰষ্টা।” কোনে কৈছিল?
উত্তৰ: ড০ নগেন শইকীয়াই।
(৪৬১) প্রথম অসমীয়া আত্মজীৱনীখনৰ নাম কি? ইয়াৰ ৰচক কোন?
উত্তৰ: ‘মোৰ জীৱন সোঁৱৰণ’, লক্ষ্মীনাথ বেজবৰুৱা।
(৪৬২) লক্ষ্মীনাথ বেজবৰুৱাই ক’ত আৰু কেতিয়া অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল?
উত্তৰ: গুৱাহাটীত, ১৯২৪ চনত।
(৪৬৩) ছনেটৰ জন্মদাতা কোন?
উত্তৰ: ইটালী কবি পেট্রাক।
(৪৬৪) প্রথম অসমীয়া ছনেট লেখক কোন?
উত্তৰ: হেমচন্দ্ৰ গোস্বামী।
(৪৬৫) প্রথম অসমীয়া ছনেট কবিতাটোৰ নাম কি?
উত্তৰ: ‘প্রিয়তমাৰ চিঠি’।
(৪৬৬) হেমচন্দ্ৰ গোস্বামীয়ে কি আর্হিত ছনেট কবিতা ৰচনা কৰিছিল?
উত্তৰ: পেট্রাকীয় আর্হিত।
(৪৬৭) হেমচন্দ্ৰ গোস্বামীয়ে পেট্রাকীয় আর্হিত ৰচনা কৰা প্ৰথম ছনেট কবিতাটোৰ নাম কি?
উত্তৰ: ‘প্রিয়তমাৰ চিঠি’।
(৪৬৮) হেমচন্দ্ৰ গোস্বামীৰ ‘প্রিয়তমাৰ চিঠি’ কবিতাটো ক’ত প্ৰকাশ পায়?
উত্তৰ: ‘জোনাকী’ত।
(৪৬৯) অসমীয়া ভাষাত ৰচিত প্রথম মৌলিক উপন্যাসখন কোনে আৰু কেতিয়া ৰচনা কৰিছিল?
উত্তৰ: পদ্মনাথ গোহাঞি বৰুৱাই, ১৮৯১ চনত।
(৪৭০) অসমীয়া ভাষাত ৰচিত প্রথম মৌলিক উপন্যাসখনৰ নাম কি? নাইবা, পদ্মনাথ গোহাঞি বৰুৱাৰ প্রথম উপন্যাসখৰ নাম কি?
উত্তৰ: ‘ভানুমতী’, ১৮৯১ চন।
(৪৭১) পদ্মনাথ গোহাঞি বৰুৱাৰ দ্বিতীয় উপন্যাসখনৰ নাম কি?
উত্তৰ: ‘লাহৰী’, ১৮৯২ চন।
(৪৭২) পদ্মনাথ গোহাঞি বৰুৱাৰ প্রথম কবিতা পুথিখনৰ নাম কি?
উত্তৰ: ‘লীলাকাব্য’, ১৮৯৯ চন।
(৪৭৩) প্রথম অসমীয়া ঐতিহাসিক নাটখনৰ নাম কি?
উত্তৰ: ‘জয়মতী’।
(৪৭৪) পদ্মনাথ গোহাঞি বৰুৱাৰ ঐতিহাসিক নাট কেইখন আৰু কি কি?
উত্তৰ: চাৰিখন-‘জয়মতী’ (১৯০০), ‘গদাধৰ’, (১৯০৭), ‘সাধনী’ (১৯১১), ‘লাচিত বৰফুকন’ (১৯১৩)।
(৪৭৫) পদ্মনাথ গোহাঞি বৰুৱাৰ ধেমেলীয়া (প্ৰহসন) নাট কেইখন আৰু কি কি?
উত্তৰ: তিনিখন-‘গাঁওবুঢ়া’ (১৮৯৭), ‘টেটোন তামুলী’ (১৯০৯) আৰু ‘ভূত নে ভ্ৰম’ (১৯২৪)।
(৪৭৬) পদ্মনাথ গোহাঞি বৰুৱাৰ একমাত্ৰ পৌৰাণিক নাটখনৰ নাম কি?
উত্তৰ: ‘বাণৰজা’ (১৮৫৪)।
(৪৭৭) আনন্দচন্দ্র আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰ: ‘জিলিকনি’।
(৪৭৮) ‘ঢোপাকলি’ কাৰ ৰচনা?
উত্তৰ: হিতেশ্বৰ বৰবৰুৱাৰ।
(৪৭৯) ‘যুদ্ধক্ষেত্রত আহোম ৰমণী’ কাব্যখনি কাৰ ৰচনা?
উত্তৰ: হিতেশ্বৰ বৰবৰুৱাৰ।
(৪৮০) হিতেশ্বৰ বৰবৰুৱাৰ এখন কবিতা পুথিৰ নাম লিখা।
উত্তৰ: ‘চকুলো’, ১৯২২ চন।
(৪৮১) প্রথম অসমীয়া ছনেট পুথিখনৰ নাম কি? ইয়াৰ ৰচক কোন?
উত্তৰ: ‘মালচ’, ১৯১৮ চন, হিতেশ্বৰ বৰবৰুৱা।
(৪৮২) হিতেশ্বৰ বৰবৰুৱাৰ ‘মালচ’ কিমানটা ছনেটৰ সংগ্ৰহ?
উত্তৰ: ৯২ টা।
(৪৮৩) ‘জ্ঞানমালিনী’ৰ কবি কোন?
উত্তৰ: মফিজুদ্দিন আহমদ হাজৰিকা।
(৪৮৪) মফিজুদ্দিন আহমেদ হাজৰিকাৰ কবিতা পুথি দুখনৰ নাম কি কি?
উত্তৰ: ‘জ্ঞানমালিনী’ (১৮৯৬) আৰু ‘তত্ব পাৰিজাত’।
(৪৮৫) ‘মেঘনাদ বধ’ নাট কাৰ ৰচনা?
উত্তৰ: চন্দ্ৰধৰ বৰুৱাৰ।
(৪৮৬) ‘সাহিত্য ৰত্ন’ বুলি কাক কোৱা হয়?
উত্তৰ: চন্দ্ৰধৰ বৰুৱাক।
(৪৮৭) ৰঘুনাথ চৌধাৰীয়ে সম্পাদনা কৰা আলোচনী দুখনৰ নাম কি কি?
উত্তৰ: ‘সুৰভী’ আৰু ‘জয়ন্তী’।
(৪৮৮) ৰঘুনাথ চৌধাৰীৰ কবিতা প্রথমে ক’ত প্ৰকাশ পায়?
উত্তৰ: ‘জোনাকী’ত।
(৪৮৯) ৰঘুনাথ চৌধাৰীৰ প্রথম কবিতা পুথিখনৰ নাম কি?
উত্তৰ: ‘সাদৰী’, ১৯১০ চন।
(৪৯০) ৰঘুনাথ চৌধাৰীৰ ‘কেতেকী’ কবিতাটি কেইটা তৰংগত বিভক্ত?
উত্তৰ: ৫ টা।
(৪৯১) ৰঘুনাথ চৌধাৰীৰ একমাত্ৰ কথা কবিতাৰ পুথিখনৰ নাম কি?
উত্তৰ: ‘নৱমল্লিকা’।
(৪৯২) কবি ৰঘুনাথ চৌধাৰীয়ে আৰৱীয় পৰিৱেশত ৰচনা কৰা কবিতা পুথিখনৰ নাম কি?
উত্তৰ: ‘কাৰবালা’।
(৪৯৩) ‘বিহগী’ কবি কোন?
উত্তৰ: ৰঘুনাথ চৌধাৰী।
(৪৯৪) কবি ৰঘুনাথ চৌধাৰীক কোনে কোনে বিহগী আখ্যা দিছিল?
উত্তৰ: হলিৰাম ডেকা আৰু ড০ বাণীকান্ত কাকতিয়ে।
(৪৯৫) ছেক্সপীয়েৰৰ ‘As you like it’ নাটকৰ অসমীয়া অনুবাদৰ নাম কি? ইয়াৰ লেখক কোন?
উত্তৰ: ‘চন্দ্ৰাৱলী’, দুৰ্গেশ্বৰ শর্মা।
(৪৯৬) যতীন্দ্ৰনাথ দুৱৰাই কি ছদ্মনামেৰে কবিতা লিখিছিল?
উত্তৰ: যদু।
(৪৯৭) যতীন্দ্ৰনাথ দুৱৰাৰ কবিতাত প্রভাৱ বিস্তাৰ কৰা পাৰস্যৰ কবিজন কোন?
উত্তৰ: ওমৰ খৈয়াম।
(৪৯৮) ‘ওমৰ তীৰ্থ’ কাৰ ৰচনা?
উত্তৰ: যতীন্দ্ৰ নাথ দুৱৰাৰ।
(৪৯৯) ‘ওমৰ তীৰ্থ’ পুথিৰ মূল কি?
উত্তৰ: পাৰস্যৰ বিখ্যাত কবি ওমৰ খৈয়ামৰ ‘ৰুৱায়ত’।
(৫০০) যতীন্দ্ৰনাথ দুৱৰাৰ দুখন কবিতা পুথি নাম লিখা।
উত্তৰ: ‘আপোন সুৰ’ (১৯৩৮) আৰু ‘বনফুল’ (১৯৫২)।
(৫০১) সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথিখনৰ নাম কি?
উত্তৰ: ‘বনফুল’।
(৫০২) কোনখন গ্ৰন্থৰ বাবে কিমান চনত যতীন্দ্ৰ নাথ দুৱৰাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ: ‘বনফুল’ গ্রন্থৰ বাবে, ১৯৫৫ চনত।
(৫০৩) যতীন্দ্ৰনাথ দুৱৰাই কাৰ আদর্শত ‘কথা কবিতা’ ৰচনা কৰিছিল?
উত্তৰ: ৰুছ লেখক আইভান টুর্গেনিভৰ ‘Poems in Prose’ ৰ আদর্শত।
(৫০৪) অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কোনখন গ্ৰন্থৰ বাবে, কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ: ‘বেদনাৰ উল্কা’, ১৯৬৬ চনত।
(৫০৫) অম্বিকাগিৰি ৰায়চৌধুৰীৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?
উত্তৰ: ‘তুমি’, ১৯১৫ চন।
(৫০৬) দণ্ডিনাথ কলিতাৰ প্রথম উপন্যাসখনৰ নাম কি?
উত্তৰ: ‘ফুল’, ১৯০৮ চন।
(৫০৭) দণ্ডিনাথ কলিতাৰ উল্লেখযোগ্য সামাজিক উপন্যাস দুখনৰ নাম লিখা।
উত্তৰ: ‘সাধনা’ (১৯২৯) আৰু’ আৱিস্কাৰ’ (১৯৫১)।
(৫০৮) দণ্ডিনাথ কলিতাৰ ‘অসম সন্ধ্যা’ কবিতাটোৰ ছন্দ কি?
উত্তৰ: অমিত্ৰাক্ষৰ।
(৫০৯) দণ্ডিনাথ কলিতাৰ দুখন নাটকৰ নাম লিখা।
উত্তৰ: ‘সতীৰ তেজ’ (১৯৩১) আৰু ‘অগ্নিপৰীক্ষা’ (১৯৩৭)।
(৫১০) ‘সাতসৰী’ গল্প পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰ: দণ্ডিনাথ কলিতাই।
(৫১১) কবি নলিনীবালা দেৱীৰ প্রথম কবিতা পুথিখনৰ নাম কি?
উত্তৰ: ‘সন্ধিয়াৰ সুৰ’।
(৫১২) কবি নলিনীবালা দেৱীৰ কবিতাপুথি কেইখনৰ নাম লিখা।
উত্তৰ: ‘সন্ধিয়াৰ সুৰ’ (১৯২৮), ‘সপোনৰ সুৰ’ (১৯৪৮), ‘পৰশমণি’ (১৯৫৭), ‘যুগদেৱতা’ (১৯৫৮), ‘জাগৃতি’ (১৯৫২) আৰু ‘অলকানন্দা’ (১৯৬৪)।
(৫১৩) কোনখন গ্ৰন্থৰ বাবে, কিমান চনত নলিনীবালা দেৱীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ: ‘অলকানন্দা’, ১৯৬৮ চনত।
(৫১৪) নলিনীবালা দেৱীৰ কবিতাত কি সুৰ পোৱা যায়?
উত্তৰ: অতিন্দ্রীয়বাদী বা ৰহস্যবাদী।
(৫১৫) ‘স্মৃতি তীৰ্থ’ আৰু ‘বিশ্বদীপা’ কোনে ৰচনা কৰিছিল?
উত্তৰ: নলিনীবালা দেৱীয়ে।
(৫১৬) কিমান চনত ভাৰত চৰকাৰে নলিনীবালা দেৱীক পদ্মশ্ৰী উপাধি প্ৰদান কৰে?
উত্তৰ: ১৯৫৮ চনত।
(৫১৭) পদ্মশ্ৰী উপাধিৰে সন্মানিত প্রথম অসমীয়া মহিলা গৰাকী কোন?
উত্তৰ: নলিনীবালা দেৱী।
(৫১৮) অসম সাহিত্য সভা অধিবেশনৰ প্রথম সভানেত্ৰী গৰাকী কোন আছিল?
উত্তৰ: নলিনীবালা দেৱী।
(৫১৯) ‘প্রাণৰ পৰশ’ কবিতা পুথিখনৰ ৰচক কোন?
উত্তৰ: ধৰ্মেশ্বৰী দেৱী বৰুৱানী।
(৫২০) ৰত্নকান্ত বৰকাকতীৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?
উত্তৰ: ‘শেৱালী’ কাব্য।
(৫২১) ‘শেৱালী’ কাব্য গ্রন্থখন কিমান চনত প্ৰকাশ হয়?
উত্তৰ: ১৯৩২ চনত।
(৫২২) ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ শীর্ষক গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ: ডিম্বেশ্বৰ নেওগ।
(৫২৩) The Origin and growth of the Assamese Language শীর্ষক গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ: ডিম্বেশ্বৰ নেওগ।
(৫২৪) ডিম্বেশ্বৰ নেওগে Tennyson-ৰ May Queen ৰ ছাঁ লৈ লেখা কবিতাটি কি?
উত্তৰ: উৰুকা।
(৫২৫) ‘গীতি-কবি’ কোন?
উত্তৰ: পার্বতী(৫২৬) ‘বনবকুলবনৰ’ কবি কোন?
উত্তৰ: আনন্দচন্দ্র আগৰৱালা।
(৫২৭) অতুলচন্দ্ৰ হাজৰিকাৰ কোনখন কবিতা পুথি চতুর্দশপদী কবিতাৰ সমষ্টি?
উত্তৰ: মণিমালা।
(৫২৮) জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰ: ‘লুইতৰ পাৰৰ অগ্নিসুৰ’।
(৫২৯) জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম নাটখনৰ নাম কি?
উত্তৰ: ‘শোণিত কুঁৱৰী’।
(৫৩০) জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট কেইখনৰ নাম কি কি?
উত্তৰ: ‘শোণিত কুঁৱৰী’, ‘কাৰেঙৰ লিগিৰী’, ‘লভিতা’, ‘ৰূপালীম’, ‘নিমাতী কইনা’, ‘সোণপখিলী’ আৰু ‘খনিকৰ’।
(৫৩১) প্রথম অসমীয়া কথাছবিখনৰ নাম কি?
উত্তৰ: ‘জয়মতী’।
(৫৩২) প্রথম অসমীয়া কথাছবি ‘জয়মতী’ কোনে, কিমান চনত নিৰ্মাণ কৰিছিল?
উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাই, ১৯৩৫ চনত। প্রসাদ বৰুৱা।
(৫৩৩) ‘পাপৰি’ৰ কবি কোন?
উত্তৰ: গণেশ গগৈ।
(৫৩৪) আৱাহন যুগৰ শ্ৰেষ্ঠ কবিজন কোন?
উত্তৰ: দেৱকান্ত বৰুৱা।
(৫৩৫) কলংপৰীয়া কবি কোন?
উত্তৰ: দেৱকান্ত বৰুৱা।
(৫৩৬) দেৱকান্ত বৰুৱাই কাৰ নাটকীয় স্বগতোক্তিৰ আর্হিত কবিতা ৰচনা কৰিছিল?
উত্তৰ: ইংৰাজ কবি ৰবাৰ্ট ব্রাউলিঙৰ।
(৫৩৭) দেৱকান্ত বৰুৱাৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰ: ‘সাগৰ দেখিছা’।
(৫৩৮) জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্রথম অসমীয়া উপন্যাসখনৰ নাম কি?
উত্তৰ: ‘মিৰি জীয়ৰী’, ১৮৯৪ চন, ৰজনীকান্ত বৰদলৈ।
(৫৩৯) ৰজনীকান্ত বৰদলৈৰ দুখন ঐতিহাসিক উপন্যাসৰ নাম কলিখা।
উত্তৰ: ‘মনোমতী’ (১৯০০) আৰু ‘নির্মল ভকত’ (১৯২৬)।
(৫৪০) ৰজনীকান্ত বৰদলৈৰ ‘মনোমতী’, ‘ৰঙ্গিলী’, ‘নির্মল ভকত’, ‘ৰহদৈ লিগিৰী’ আৰু ‘তাম্ৰেশ্বৰীৰ মন্দিৰ’ এই উপন্যাস কেইখন কিহৰ পটভূমিত ৰচনা কৰা হৈছে?
উত্তৰ: মানৰ আক্ৰমণৰ পটভূমিত।
(৫৪১) ৰজনীকান্ত বৰদলৈৰ ‘দন্দুৱাদ্রোহ’ উপন্যাস কিহৰ পটভূমিত ৰচিত?
উত্তৰ: হৰদত্ত বীৰদত্ত।
(৫৪২) শৰৎচন্দ্র গোস্বামীৰ উপন্যাসখনৰ নাম কি?
উত্তৰ: ‘পানীপথ’।
(৫৪৩) ‘চিত্ৰদর্শন’ নামৰ উপন্যাসখনৰ ঔপন্যাসিক গৰাকী কোন?
উত্তৰ: হলিনাৰায়ণ দত্ত।
(৫৪৪) শৰৎচন্দ্র গোস্বামীৰ গল্পপুথি কেইখনৰ নাম লিখা।
উত্তৰ: ‘গল্পাঞ্জলি’ (১৯১৪), ‘ময়না’ (১৯২০) আৰু ‘বাজীকৰ’।
(৫৪৫) শৰৎচন্দ্র গোস্বামীয়ে কি ছদ্মনামেৰে, কি নাট ৰচনা কৰিছিল?
উত্তৰ: ৰূপচন্দ্র ভাগৱতী ছদ্মনামেৰে, ‘পৰীক্ষা’ নাট, ১৯১০ চন।
(৫৪৬) লক্ষ্মীনাথ ফুকনৰ দুখন গল্পপুথিৰ নাম লিখা।
উত্তৰ: ‘মালা’ আৰু ‘মৰমৰ মাধুৰী’।
(৫৪৭) ‘ওফাইদাং’ কাৰ গল্পপুথি?
উত্তৰ: লক্ষ্মীনাথ ফুকনৰ।
(৫৪৮) লক্ষ্মীনাথ ফুকনৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰ: ‘সোণালী সপোন’।
(৫৪৯) ‘উকীলৰ জন্ম ৰহস্য’ গল্পপুথিৰ গল্পকাৰ কোন?
উত্তৰ: মহীচন্দ্ৰ বৰা।
(৫৫০) ‘বীণা বৰুৱা’ ছদ্মনামেৰে কোনে গল্প আৰু উপন্যাস ৰচনা কৰিছিল?
উত্তৰ: ড০ বিৰিঞ্চি কুমাৰ বৰুৱাই।
(৫৫১) বীণা বৰুৱাৰ গল্পপুথি দুখন কি কি?
উত্তৰ: ‌’আঘোণী বাই’ (১৯৫০) আৰু ‘পট পৰিৱৰ্তন’ (১৯৪৮)।
(৫৫২) লক্ষ্মীধৰ শৰ্মাৰ গল্প পুথিখনৰ নাম কি?
উত্তৰ: ‘ব্যর্থতাৰ দান’।
(৫৫৩) ‘চিৰাজ’ বিখ্যাত গল্পটোৰ গল্পকাৰ কোন?
উত্তৰ: লক্ষ্মীধৰ শৰ্মা।
(৫৫৪) সূৰ্য কুমাৰ ভূঞাৰ একমাত্ৰ গল্প পুথিখনৰ নাম কি?
উত্তৰ: ‘পঞ্চমী’।
(৫৫৫) সূৰ্যকুমাৰ ভূঞাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰ: ‘নিৰ্মালী’।
(৫৫৬) ‘নুমলী কুঁৱৰী’ কাৰ ৰচনা?
উত্তৰ: নকুল চন্দ্ৰ ভূঞাৰ।
(৫৫৭) হলিৰাম ডেকাই কি ছদ্মনামেৰে প্রবন্ধ লেখিছিল?
উত্তৰ: চিত্ৰসেন যখৰীয়া।
(৫৫৮) নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ এখন গল্পপুথিৰ নাম লিখা।
উত্তৰ: ‘বীণাৰ ঝংকাৰ’।
(৫৫৯) ‘অৰুণা’, ‘মৰীচিকা’, ‘শিল্পীৰ জন্ম’ আৰু ‘জীৱনৰ জীয়া জুই’ গল্পপুথিৰ গল্পকাৰ কোন?
উত্তৰ: ত্ৰৈলোক্য নাথ গোস্বামী।
(৫৬০) ‘পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা’, ‘পুৰণি অসমীয়া সাহিত্য’, আৰু ‘Mother Goddess Kamakhya’ কোনে ৰচনা কৰিছিল?
উত্তৰ: ড০ বাণীকান্ত কাকতিয়ে।
(৫৬১) ভাষাতত্ব বিষয়ক প্রথম গবেষণামূলক গ্ৰন্থখনৰ নাম কি?
উত্তৰ: ‘অসমীয়া ভাষাৰ মৌলিক বিচাৰ’, দেৱানন্দ ভৰালী।
(৫৬২) প্রকৃত অসমীয়া সাহিত্যৰ বুৰঞ্জী পোন প্ৰথমে কোনে ৰচনা কৰিছিল?
উত্তৰ: দেৱেন্দ্ৰনাথ বেজবৰুৱাই।
(৫৬৩) ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ব’ শীর্ষক গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ: কালিৰাম মেধি।
(৫৬৪) আধুনিক সাহিত্যৰ প্রথম সমালোচনাত্মক গ্ৰন্থখনৰ নাম কি?
উত্তৰ: ‘শংকৰদেৱ’।
(৫৬৫) আধুনিক যুগৰ সর্বশ্রেষ্ঠ সমালোচক গৰাকী কোন?
উত্তৰ: ড০ বাণীকান্ত কাকতি।
(৫৬৬) ‘সাহিত্য আৰু প্রেম’ নামৰ গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ: ড০ বাণীকান্ত কাকতি।
(৫৬৭) ড০ বাণীকান্ত কাকতিৰ ছদ্মনাম কি?
উত্তৰ: ভবানন্দ পাঠক।
(৫৬৮) ‘অসমীয়া সাহিত্যৰ জিলিঙনি’ আৰু ‘অসমীয়া সাহিত্যৰ জেউতি’ গ্ৰন্থ দুখনৰ লেখক কোন?
উত্তৰ: ডিম্বেশ্বৰ নেওগ।
(৫৬৯) ‘সাহিত্যৰ সাজ’ পুথিখনৰ প্রণেতা কোন?
উত্তৰ: সোণাপতি দেৱ শৰ্মা।
(৫৭০) ‘কাব্য আৰু অভিব্যঞ্জনা’ আৰু ‘সাহিত্য আৰু সমালোচনা’ গ্ৰন্থ দুখনৰ লেখক কোন?
উত্তৰ: ড০ বিৰিঞ্চি কুমাৰ বৰুৱা।
(৫৭১) ‘বেশ্যা’, ‘কুকুৰ’, ‘কয়লা’ আদি কবিতাৰ ৰচক কোন?
উত্তৰ: অমূল্য বৰুৱা।
(৫৭২) কাক আধুনিক কাব্যৰীতিৰ প্রৱর্তক বুলি ক’ব পাৰি?
উত্তৰ: হেম বৰুৱাক।
(৫৭৩) হেম বৰুৱা কোন যুগৰ কবি?
উত্তৰ: ৰামধেনু।
(৫৭৪) ‘বান্দৰ’ নামৰ কবিতাটোৰ কবি কোন?
উত্তৰ: হেম বৰুৱা।
(৫৭৫) ‘মমতাৰ চিঠি’ কবিতাটিৰ কবি কোন?
উত্তৰ: হেম বৰুৱা।
(৫৭৬) ‘মমতাৰ চিঠি’ কবিতাটো কাৰ কবিতাৰ উদ্ধৃতিৰে আৰম্ভ কৰা হৈছে?
উত্তৰ: এজৰা পাউণ্ডৰ।
(৫৭৭) হেম বৰুৱাৰ কবিতা পুথি দুখনৰ নাম লিখা।
উত্তৰ: ‘বালিচন্দা’ (১৯৬২) আৰু ‘মন ময়ূৰী’ (১৯৬৭)।
(৫৭৮) হেম বৰুৱাৰ এখন ভ্ৰমণ কাহিনী পুথিৰ নাম লিখা।
উত্তৰ: ‘ৰঙা কৰৱীৰ ফুল’।
(৫৭৯) হেম বৰুৱাই সম্পাদনা কৰা ইংৰাজী কাকতখনৰ নাম কি?
উত্তৰ: ‘আসাম এক্সপ্ৰেছ’।
(৫৮০) ‘পছোৱা’ আলোচনী কোনে সম্পাদনা কৰিছিল?
উত্তৰ: হেম বৰুৱাই।
(৫৮১) ‘পছোৱা’ নামৰ আলোচনীখন কোন চনত প্রকাশ পায়?
উত্তৰ: ১৯৪৮ চনত।
(৫৮২) ‘অৰুন্ধতীৰ কবি’ ৰূপে খ্যাত কবি গৰাকী কোন?
উত্তৰ: নৱকান্ত বৰুৱা।
(৫৮৩) ‘ইয়াত নদী আছিল’ কবিতাটিৰ কবি কোন?
উত্তৰ: নৱকান্ত বৰুৱা।
(৫৮৪) নৱকান্ত বৰুৱাৰ প্রথম কবিতা পুথিখনৰ নাম কি?
উত্তৰ: ‘হে অৰণ্য, হে মহানগৰ’।
(৫৮৫) নৱকান্ত বৰুৱাৰ কবিতা পুথি কেইখনৰ নাম লিখা।
উত্তৰ: ‘হে অৰণ্য, হে মহানগৰ’, ‘এটি দুটি এঘাৰটি তৰা’, ‘ছবি আৰু স্কেল’, ‘সম্ৰাট’, ‘ৰাৱণ’ আৰু ‘মোৰ আৰু পৃথিৱীৰ’।
(৫৮৬) কোনখন উপন্যাসৰ বাবে, কিমান চনত নৱকান্ত বৰুৱাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ: ‘ককাদেউতাৰ হাড়’, ১৯৭৫ চনত।
(৫৮৭) কেশৱ মহন্তৰ প্রথম কবিতা পুথিখনৰ নাম কি?
উত্তৰ: ‘আমাৰ পৃথিৱী’।
(৫৮৮) সাহিত্য বিষয়ত ডক্টৰেট ডিগ্ৰী লোৱা প্ৰথম অসমীয়া মহিলা কোন আছিল?
উত্তৰ: নিৰ্মলপ্ৰভা বৰদলৈ।
(৫৮৯) অসমৰ সৰস্বতী আখ্যা কাক দিয়া হয়?
উত্তৰ: নিৰ্মলপ্ৰভা বৰদলৈক।
(৫৯০) নিৰ্মলপ্ৰভা বৰদলৈৰ একমাত্ৰ উপন্যাসখনৰ নাম কি?
উত্তৰ: ‘জলপদ্ম’, ২০০১ চন।
(৫৯১) নিৰ্মলপ্ৰভা বৰদলৈৰ আত্মজীৱনীখনৰ নাম কি?
উত্তৰ: ‘জীৱন জীৱন বৰ অনুপম’।
(৫৯২) নিৰ্মলপ্ৰভা বৰদলৈৰ সাহিত্যিক ছদ্মনাম কি?
উত্তৰ: নীলা বাইদেউ।
(৫৯৩) নিৰ্মলপ্ৰভা বৰদলৈৰ গীতৰ পুথি দুখনৰ নাম লিখা।
উত্তৰ: ‘সোণবৰণীয়া আই’ আৰু ‘সুৰীয়া মাত’।
(৫৯৪) নিৰ্মলপ্ৰভা বৰদলৈয়ে কোনখন গ্ৰন্থৰ বাবে কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ: ‘সুদীৰ্ঘ দিন আৰু ঋতু’ পুথিৰ বাবে, ১৯৮৩ চনত।
(৫৯৫) ড০ নিৰ্মল প্ৰভা বৰদলৈৰ প্রথম কবিতা পুথিখনৰ নাম কি?
উত্তৰ: ‘বন ফৰিঙৰ ৰং’।
(৫৯৬) ড০ নিৰ্মল প্ৰভা বৰদলৈৰ দুখন কবিতা পুথিৰ নাম লিখা।
উত্তৰ: ‘বন ফৰিঙৰ ৰং’ আৰু ‘দিনৰ পাছত দিন’।
(৫৯৭) ড০ হীৰেণ গোহাঞিৰ ছদ্মনাম কি?
উত্তৰ: নিৰঞ্জন ফুকন।
(৫৯৮) ‘ৰূপৰ টিলিঙাৰ মাত’ কবিতা সংকলনৰ ৰচক কোন?
উত্তৰ: মহেন্দ্ৰ বৰা।
(৫৯৯) ‘গোলাপী জামুৰ লগ্ন’ কবিতা পুথিখনৰ ৰচক কোন?
উত্তৰ: নীলমণি ফুকন (কনিষ্ঠ)।
(৬০০) নীলমণি ফুকনে কোনখন গ্ৰন্থৰ বাবে কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ: ‘কবিতা’ নামৰ কবিতা পুথিখনৰ বাবে, ১৯৮১ চনত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here